আশংকা মতেই হ’ল। ভাৰত-নিউজিলেণ্ড (India-New Zealand)ৰ তৃতীয় (3rd)খন এদিনীয়া (One day) খেলখনো বৰষুণ (Rain)ৰ বাবে বাধাগ্ৰস্ত (Interrupted) হয়। বৰুণদেৱৰ অভিশাপৰ বাবে একেৰাহেhttp://(India-New Zealand) দুখন (Two) মেচ বাতিল (Match cancelled) হয়। সেয়ে প্ৰথমখন এদিনীয়াত জয়লাভৰ দ্বাৰা নিউজিলেণ্ডে আলহী দল ভাৰতৰ বিৰুদ্ধে ১-০ ব্যৱধানত শৃংখলা জয় কৰে। যেন টি-২০ শৃংখলাৰ পুনৰাবৃত্তি।
উল্লেখ্য, উইলিয়ামছন আৰু লেথামৰ পৰাক্ৰমত তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত কিউই বাহিনীয়ে জয়লাভ কৰে। তাৰ পিছৰ মেচখন বৰষুণৰ বাবে ৰদ হয়। আজি তৃতীয় এদিনীয়াত প্ৰথমে বেটিং কৰিবলৈ নামি দিনটোৰ আৰম্ভণি ভাৰতৰ বাবে বৰ ভাল নাছিল। বেটিং ব্যৰ্থতাত ভোগে ভাৰতীয় দল। যাৰ বাবে নিৰ্ধাৰিত ৫০ অ’ভাৰো খেলিব নোৱাৰিলে ভাৰতীয় দলটোৱে।
ভাৰতে ৪৭.৩ অ’ভাৰত মাত্ৰ ২১৯ ৰান সংগ্ৰহ কৰিয়ে আটাইকেইটা উইকেট হেৰুৱায়। প্ৰত্যুত্তৰত ১৮ অ’ভাৰৰ শেষত ১ উইকেট হেৰুৱাই নিউজিলেণ্ডে ১০৪ ৰান সংগ্ৰহ কৰে। আনহাতে, ডি এল এছত ৫০ ৰানেৰে উইলিয়ামছন বাহিনী আগবাঢ়ি থাকিলেও নিয়ম প্ৰযোজ্য হ’বলৈ আৰু কমেও দুটা অভাৰৰ প্ৰয়োজন আছিল। নিয়ম অনুসৰি যদি কমেও ২০ অ’ভাৰ খেলা হয় তেন্তে ডাকৱৰ্থ-লুইছৰ নিয়ম অনুসৰি মেচৰ ফলাফল নিৰ্ণয় কৰা হয়। ফলত মেচ বাতিল ঘোষণা কৰা হয়। লগে লগে ভাৰতে হেৰুৱায় এদিনীয়া শৃংখলা।