ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Assam CM on minority votes I বিজেপিৰ লক্ষ্য ২০ শতাংশ মুছলমান ভোট, হিমন্ত বিশ্ব শৰ্মা

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 30, 2024
Reading Time: 1 min read
A A
0
Celebrating Leadership: Dr. Himanta Biswa Sarma Welcomed with Warmth on His Birthday

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs

চলিত লোকসভা নিৰ্বাচনত অসমত বিজেপিৰ লক্ষ্য হৈছে কমেও ২০ শতাংশ মুছলমান ভোট লাভ কৰা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) সোমবাৰে এই কথা উল্লেখ কৰে। “প্ৰথম দুটা পৰ্যায়ত লোকসভাৰ ১৪ খন আসনৰ ভিতৰত ১০ খনত অসমত নিৰ্বাচন অনুষ্ঠিত হয়। আমি লাভ কৰা তথ্য অনুসৰি, মুছলমান ভোটাৰৰ এটা গুৰুত্বপূৰ্ণ অংশই এই নিৰ্বাচনত বিজেপিক সমৰ্থন কৰিছে। বাকী চাৰিখন আসনতো এই ধাৰা অব্যাহত থাকিব।” মুখ্যমন্ত্ৰীয়ে কয়।

Assam CM on minority votes I
বিজেপিৰ লক্ষ্য ২০ শতাংশ মুছলমান ভোট, হিমন্ত বিশ্ব শৰ্মা:

উল্লেখযোগ্য যে লোকসভা নিৰ্বাচনৰ পূৰ্বে কিছু জনমত সমীক্ষাই ভৱিষ্যতবাণী কৰিছিল যে অসমৰ সমষ্টিসমূহত মুছলমান ভোটাৰৰ এটা অংশই বিজেপিক সমৰ্থন কৰাৰ সম্ভাৱনা আছে। এই অঞ্চলসমূহত প্ৰধানকৈ খিলঞ্জীয়া মুছলমানসকলে বাস কৰে। হিমন্ত বিশ্ব শৰ্মাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰ আৰু অসমত বিজেপি চৰকাৰে কোনো ধৰ্মীয় সম্প্ৰদায়ৰ প্ৰতি কোনো পক্ষপাতিত্ব বা বিদ্বেষ প্ৰদৰ্শন কৰা নাই। অসমৰ মুছলমান ভোটাৰৰ এটা অংশই এইটো উপলব্ধি কৰিছে।

লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত প্ৰধানমন্ত্ৰী মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ দৰে নেতাই কংগ্ৰেছৰ বিৰুদ্ধে ‘মুছলমান তোষণ’ৰ অভিযোগ তুলি ধাৰাবাহিকভাৱে লক্ষ্য কৰি আহিছে। ৰাজনৈতিক পৰ্যবেক্ষকৰ এটা অংশই হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক ‘গুৰুত্বপূৰ্ণ’ বুলি গণ্য কৰিছে। উল্লেখযোগ্য যে ২১ এপ্ৰিলত ৰাজস্থানৰ বাশ্বোৱাৰাত বিজেপিৰ এক ৰেলীত ভাষণ দি মোডীয়ে কয়, “প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে পূৰ্বতে কৈছিল যে মুছলমানসকলৰ দেশৰ সম্পদৰ প্ৰথম অধিকাৰ আছে। সেইকাৰণে কংগ্ৰেছে এটা জৰীপ কৰাৰ পৰিকল্পনা কৰিছে, যাতে দেশবাসীৰ কঠোৰ পৰিশ্ৰমৰ ধন মুছলমান আৰু অনুপ্ৰৱেশকাৰীসকলৰ মাজত বিতৰণ কৰিব পাৰি।”

আনহাতে, ২২ এপ্ৰিলত উত্তৰ প্ৰদেশৰ আলিগড়ত তেওঁ কৈছিল, “কংগ্ৰেছে আপোনালোকৰ সম্পত্তিৰ ওপৰত চকু ৰাখিছে। যদি তেওঁলোক ক্ষমতালৈ আহে, তেওঁলোকে মাতৃ আৰু ভগ্নীসকলৰ মঙ্গলসূত্ৰও কাঢ়ি নিব। আপোনালোকে জানে সেয়া কাক দিব।”

কিন্তু আচলতে মনমোহন সিং যেতিয়া প্ৰধানমন্ত্ৰী আছিল, তেতিয়া তেওঁ কৈছিল, “দেশৰ সম্পদত পিছপৰা সম্প্ৰদায়বোৰক অগ্ৰাধিকাৰ দিয়াৰ প্ৰয়োজন আছে।” ইফালে ২৩ এপ্ৰিলত ৰাজস্থানৰ টংক-চৱাই মাধোপুৰত বিজেপিৰ এক ৰেলীক সম্বোধন কৰি মোডীয়ে কৈছিল, “হনুমান চালিছা শুনাটোও কংগ্ৰেছৰ শাসনৰ দিনত অপৰাধ।”

“যেতিয়া কংগ্ৰেছ আৰু ইণ্ডিয়াৰ দলসমূহ শাসনত আছিল, তেওঁলোকে দলিত আৰু পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষণ হ্ৰাস কৰিব বিচাৰিছিল আৰু মুছলমানসকলক দিব বিচাৰিছিল। ভোট বেংকৰ বাবে তেওঁলোকে সংবিধানৰ বিৰুদ্ধে গৈছিল আৰু মুছলমানসকলক পৃথক সংৰক্ষণ দিবলৈ চেষ্টা কৰিছিল। বাবাচাহেব আম্বেদকাৰে দলিত সমাজ, পিছপৰা শ্ৰেণী আৰু জনজাতীয় লোকসকলক সংৰক্ষণ দিছিল। কংগ্ৰেছ আৰু ইণ্ডিয়াই এইটো মুছলমানসকলক দিব বিচাৰে।” মোডীয়ে লগতে কয়।

আনহাতে, একেদিনাই অমিত শ্বাহে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সমালোচনা কৰি কয়, “আপুনি সংবিধানৰ সলনি শ্বৰিয়ত স্থাপন কৰিব বিচাৰেনে নাই তাৰ স্পষ্ট ব্যাখ্যা দিয়ক।” ইফালে ২৬ এপ্ৰিলত জে পি নাড্ডাই মুম্বাইত কৈছিল যে কংগ্ৰেছ আৰু ইয়াৰ ‘ইণ্ডি’ (ইণ্ডিয়া) মিত্ৰজোঁটৰ অনুসূচিত জাতি-জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ (অ’বিচি) অধিকাৰ কাঢ়ি লোৱাৰ আৰু সেইবোৰ মুছলমানসকলক দিয়াৰ এক ‘গোপন উদ্দেশ্য’ আছে।”

ইয়াৰ উপৰি শনিবাৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয়, “কংগ্ৰেছে সংখ্যালঘুসকলক গোমাংস খোৱাৰ অধিকাৰ দিব বিচাৰে।” বিজেপিৰ এনে ধৰণৰ মেৰুকৰণৰ ৰাজনীতি সত্ত্বেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই দাবী তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে।

Tags: বিজেপিৰ লক্ষ্য ২০ শতাংশমুছলমান ভোটহিমন্ত বিশ্ব শৰ্মা
Share4Tweet3Send

Related Posts

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

by News Desk
August 8, 2026
50
Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM
Assam

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

by ASSAM TIMES POST
August 7, 2026
50
Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs
Assam

Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs

by News Desk
August 7, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৭ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৭ জনলৈ বৃদ্ধি

by News Desk
August 7, 2026
50
Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি
Assam

Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি

by News Desk
August 6, 2026
50
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

by News Desk
August 4, 2026
50
ADVERTISEMENT
Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ
Digital Transformation

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

August 8, 2026
50
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল
KARBI ANGLONG

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

August 8, 2026
50
Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১
National-International

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

August 8, 2026
50
Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ
National-International

Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

August 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

August 8, 2026
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

August 8, 2026
Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

August 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx