অৰবিন্দ কেজৰিৱালক (Arvind Kejriwal) কাৰাগাৰৰ পৰা মুখ্যমন্ত্ৰীৰ পদ চম্ভালি থকাৰ বিষয়ে প্ৰশ্ন কৰে দিল্লী উচ্চ ন্যায়ালয়ে। আদালতে আম আদমী পাৰ্টিৰ (আপ) মুৰব্বীগৰাকীক প্ৰশ্ন কৰে যে তেওঁ কাৰাগাৰত থাকি কেনেদৰে এনেকুৱা এটা পদৰ দায়িত্ব পালন কৰিব, য’ত ২৪ ঘণ্টাৰ বাবে দায়িত্ব পালন কৰাৰ প্ৰয়োজন।
কেজৰিৱালক মুখ্যমন্ত্ৰীৰ পদৰ পৰা অপসাৰণ বিচাৰি কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি দিল্লী উচ্চ ন্যায়ালয়ে কয়, “মুখ্যমন্ত্ৰীৰ পদটো কেৱল আসনখন সুশোভিত কৰাৰ বাবে নহয়। এই স্থিতিত থাকিবলৈ, কৰ্তব্যবোৰ সম্পাদন কৰিবলৈ পূৰ্ণ-সময়ৰ উপস্থিতি অত্যাৱশ্যকীয়।” কাৰ্যকৰী মুখ্য ন্যায়াধীশ মনমোহন সিং আৰু ন্যায়াধীশ মনমিত অৰোৰাৰ বিচাৰপীঠে কয়, “আপুনি ৰাষ্ট্ৰীয় স্বাৰ্থতকৈ আপোনাৰ ৰাজনৈতিক স্বাৰ্থক অধিক গুৰুত্ব দিছে।”
উল্লেখযোগ্য যে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ২১ মাৰ্চত প্ৰৱৰ্তন সঞ্চালকালয়ে আবকাৰী কেলেংকাৰীৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছিল। তেতিয়াৰ পৰা তেওঁ কাৰাগাৰত বহিয়ে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।
ইয়াৰ পূৰ্বে দিল্লী উচ্চ ন্যায়ালয়ত মুখ্যমন্ত্ৰীৰ পদৰ পৰা অপসাৰণ বিচাৰি এখন পিআইএল দাখিল কৰা হৈছিল। এই মাহৰ আৰম্ভণিতে কাৰ্যকৰী মুখ্য ন্যায়াধীশ মনমোহন সিং আৰু ন্যায়াধীশ অৰোৰাৰ বিচাৰপীঠে এই আবেদন খাৰিজ কৰি কয় যে এইটো আদালতৰ অধিকাৰ ক্ষেত্ৰৰ অন্তৰ্ভুক্ত কোনো বিষয় নহয়।