
গুৱাহাটীত নিৰ্মাণ হৈ আছে এখন আন্তৰাষ্ট্ৰীয় মানৰ ক্ৰিকেট ষ্টেডিয়াম (Cricket Stadium) । বিচিচিআইৰ যুটীয়া সচিব দেৱজিৎ লন শইকীয়াই জনোৱা অনুসৰি, আগন্তুক ১৮ মাহত গুৱাহাটীয়ে আন এখন আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰিকেট ষ্টেডিয়াম লাভ কৰিবলৈ সাজু হৈছে। ফেচবুক পোষ্টযোগে তেওঁ এই কথা নিশ্চিত কৰে।

উত্তৰ গুৱাহাটীৰ আমিনগাঁৱত ইতিমধ্যে ষ্টেডিয়ামটো নিৰ্মাণৰ কাম আৰম্ভ হৈছে। তেওঁ লিখিছে, “১৮ মাহৰ পিছত গুৱাহাটীত আন এক আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰিকেট ষ্টেডিয়াম হ’ব… উত্তৰ গুৱাহাটীৰ অমিনগাঁৱত… ইতিমধ্যে ষ্টেডিয়াম নিৰ্মাণৰ কাম আৰম্ভ হৈছে।”
নিশ্চিতভাৱে অসম তথা উত্তৰ-পূব অঞ্চলৰ ক্ৰীড়াপ্ৰেমীসকলৰ বাবে ই এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে। কিয়নো ইয়াৰ দ্বাৰা অঞ্চলটোলৈ শীৰ্ষ পৰ্যায়ৰ ক্ৰিকেট প্ৰতিযোগিতাসমূহ অনাৰ প্ৰতিশ্ৰুতি বহন কৰিছে। এই নতুন ষ্টেডিয়ামটোৱে সকলো ধৰণৰ আন্তঃৰাষ্ট্ৰীয় মান পূৰণ কৰিব আৰু খেলুৱৈ আৰু দৰ্শকৰ বাবে অত্যাধুনিক সুবিধা প্ৰদান কৰিব বুলি আশা কৰা হৈছে।













