![]()
মেজাজী কংগনা (Kangana)। এইবাৰ পিছে কোনো বিতৰ্ক নাই। বৰঞ্চ তেওঁক বি-টাউনৰ এগৰাকী অভিনেত্ৰীক প্ৰশংসা কৰা দেখা গৈছে। কংগনাই তেওঁৰ ইনষ্টাগ্ৰাম ষ্টৰী (Instagram Story)ত অভিনেত্ৰী টাবু (Actress Tabu)ক প্ৰশংসা (Praise) কৰে। ৫০ বছৰীয়া (50 years old) অভিনেত্ৰীগৰাকীয়ে (Actress) অভিনয়ৰ ক্ষেত্ৰ যেনেদৰে আগবঢ়াই নিছে সেয়াই কংগনাকো আচৰিত কৰি তুলিছে।

কংগনাই ইনষ্টাগ্ৰামত লিখিছে, “চলিত বছৰত বলীউডৰ দুখন ছবিহে সফল হৈছে। ‘ভুল ভুলেইয়া ২’ আৰু ‘দৃশ্যাম ২’। দুয়োখন ছবিৰ মুখ্য চৰিত্ৰত আছে ছুপাৰষ্টাৰ টাবু। তেওঁ অকলেই সমগ্ৰ উদ্যোগটোক ৰক্ষা কৰিলে। তেওঁৰ গুণ আৰু দক্ষতাক কোনেও কেতিয়াও প্ৰশ্ন উত্থাপন কৰা নাছিল। কিন্তু ৫০ বছৰ বয়সত তাৰকাত্বৰ শিখৰত উপনীত হোৱাটোৱে, সঁচাকৈয়ে সকলোকে আচৰিত কৰি তোলে। মোৰ মতে তেওঁ অধিক প্ৰশংসাৰ যোগ্য। সঁচাকৈয়ে প্ৰেৰণাদায়ক।”
উল্লেখযোগ্য যে অতিমাৰীৰ পিছত টাবু আৰু কাৰ্তিক আৰ্য্য অভিনীত ছবি ‘ভূল ভূলেইয়া ২’ৱে বক্স অফিচত ২০০ কোটি টকাৰ ব্যৱসায় কৰিছিল। ছবিখনে অʼটিটিতো যথেষ্ট সঁহাৰি লাভ কৰিছিল। শেহতীয়াকৈ মুক্তি পালে অভিষেক পাঠকৰ ‘দৃশ্যাম ২’। উক্ত ছবিখনত টাবুৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ১৮ নৱেম্বৰত মুক্তি পোৱা ছবিখনে এই পৰ্যন্ত ৬৩ কোটি টকা উপাৰ্জন কৰিছে।













