১১ দিন পাৰ হৈ গ’ল। আলিয়া-ৰণবীৰে এতিয়াও নিজৰ শিশুৰ মুখ দেখুওৱা নাই। এক ঘনিষ্ঠ সূত্ৰৰ মতে, শিশুটিৰ নাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। আলিয়া-ৰণবীৰৰ কন্যাৰ নামৰ লগত জড়িত আছে ঋষি কাপুৰ। প্ৰয়াত অভিনেতাগৰাকীৰ নামৰ লগত সংগতি ৰাখি কন্যাৰ নাম ৰখা হৈছে। আনহাতে, নাতিনীয়েকৰ নাম শুনি কান্দি উঠে নীতু কাপুৰ। অৱশ্যে তাৰকা দম্পতীয়ে এতিয়ালৈকে প্ৰকাশ কৰা নাই কন্যাৰ নাম। সেয়ে তেওঁলোকৰ অনুৰাগীসকলে জানিবলৈ আগ্ৰহী হৈ আছে।
আলিয়া-ৰণবীৰে ঋষিৰ স্মৃতিত প্ৰতিটো বিশেষ দিন উদযাপন কৰিছে। ঋষি-নীতুৰ এংগেজমেণ্টৰ দিনটোৰ পিছদিনা তেওঁলোকে জোৰন গাঁঠি বান্ধে। ঋষি-নীতুৰ এংগেজমেণ্টৰ দিনটোতেই বিশেষ পূজা কৰিছিল। মেহেন্দীৰ দিনটোত পিতৃৰ ছবিৰ পিছতে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে ৰণবীৰৰ ভংগীমা। আনকি আলিয়াৰ কন্যাৰ জন্ম হোৱা চিকিৎসালয়খনত ঋষিয়ে শেষ উশাহ লৈছিল। এইবাৰ তেওঁলোকে ছোৱালীজনীৰ নামৰ লগত ঋষিৰ নাম জড়িত কৰি এটা বিশেষ নাম ৰাখিলে।
মন কৰিবলগীয়া যে আলিয়াই বিয়াৰ ৮ মাহৰ ভিতৰত ৬ নৱেম্বৰত কন্যা সন্তান জন্ম দিয়ে। যোৱা সপ্তাহত আলিয়া-ৰণবীৰে কন্যাক ঘৰলৈ লৈ আহে। অৱশ্যে বিৰাট-অনুষ্কা, প্ৰিয়ংকা-নিক, সোণম-আনন্দৰ দৰে তেওঁলোকেও সন্তানৰ মুখখন এতিয়াও দেখুওৱা নাই।