![]()
অভিনেতা নিপন গোস্বামীৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে । আজি পুৱা ৯.১৫ বজাত গুৱাহাটীৰ নেমকেয়াৰ হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰে অসমীয়া চলচ্চিত্ৰৰ চিৰ সেউজ অভিনেতাজনে । ইতিমধ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অভিনেতা নিপন গোস্বামীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ৷




নিপন গোস্মামীয়ে নিজৰ ঘৰখনৰ পৰায়ে এটা সাংস্কৃতিক পৰিৱেশ লাভ কৰিছিল। পিতৃ চন্দ্ৰধৰ গোস্বামীকে ধৰি পাঁচোজন খুৰাকেই আছিল অভিনয়ৰ লগত জড়িত। তদুপৰি বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মা আছিল তেখেতৰ চুবুৰীয়া।
তেজপুৰৰ প্ৰখ্যাত বাণ থিয়েটাৰত নিয়মিতভাৱে চলি থকা নাটক চায়েই তেখেত অভিনয়ৰ প্ৰতি আগ্ৰহী হৈছিল। স্কুলত পঢ়ি থকা দিনতেই নিপন গোস্বামীয়ে প্ৰথম অভিনয় কৰিছিল । প্ৰায় ৯ বছৰ বয়সতে তেওঁ প্ৰথম নাটকত অভিনয় কৰিছিল । তেওঁ অভিনয় কৰা প্ৰথমখন নাটক আছিল ‘লাচিত বৰফুকন’ ।
বি এ পৰীক্ষা দি উঠি তেওঁ কলিকতালৈ গৈ পুণেৰ ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানত নামভৰ্তিৰ বাবে পৰীক্ষা দিয়ে। ১৯৬৫ চন মানত তেওঁ পুণেলৈ অভিনয়ৰ প্ৰশিক্ষণৰ বাবে যায়। সুভাষ ঘাই, শত্ৰুঘ্ন সিন্হা, নবীন নিশ্চল, জালাল আগা, ৰেহেনা চুলতানা, ৰাকেশ পাণ্ডে আদি তেখেতৰ সহপাঠী আছিল। বলিউডৰ অভিনেতা আচৰাণী আছিল অগ্ৰজ আৰু বলিউডৰ ডেনী আৰু জয়া ভাদুৰী তেখেতৰ কনিষ্ঠ আছিল। নিপন গোস্বামীয়ে ‘সংগ্ৰাম’ ছবিত প্ৰথমে নায়কৰ চৰিত্ৰত অভিনয় কৰে।
অৱশ্যে নিপন গোস্বামীৰ অভিনীত প্ৰথম ছবি আছিল ১৯৫৭ চনত মুক্তিপ্ৰাপ্ত ফণী শৰ্মাৰ দ্বাৰা পৰিচালিত ‘পিয়লি ফুকন’। তেওঁৰ পিতৃয়ে ছবিখনত নাম ভূমিকাত অভিনয় কৰিছিল। উক্ত ছবিখনতে কেইটামান সৰু-সুৰা দৃশ্যত তেওঁ প্ৰথমে কেমেৰাত ভূমুকি মাৰিছিল ।
‘সংগ্ৰাম’ৰ পাছতে নায়ক হিচাপে তেখেতে ১৯৬৯ চনত মুক্তিপ্ৰাপ্ত ‘ডক্তৰ বেজবৰুৱা’ ছবিত অভিনয় কৰে। তাৰ পাছৰে পৰা তেওঁ আৰু পিছলৈ উভতি চাবলগা হোৱা নাই । এইখিনিতে উল্লেখ কৰিব লাগিব যে তেওঁ ইচ্ছা কৰিলে বলিউডতো নিজৰ দখল দিয়াৰ সম্ভাৱনা আছিল। ১৯৮১ চনৰ আজলী নবৌৰ পাছৰে পৰা নিপন গোস্বামীয়ে নায়কৰ লগতে চৰিত্ৰাভিনয়ো কৰিবলৈ লয়।
নিপন গোস্বামীয়ে মঞ্চ অভিনয়হে বেছি ভালপাইছিল। সেই কথা তেওঁ নিজেই প্ৰকাশ কৰি গৈছে। সেয়ে তেওঁ চলচ্চিত্ৰৰ লগতে মঞ্চাভিনয়ো অব্যাহত ৰাখিছিল। উল্লেখ্য, নিপন গোস্বামীয়ে ভ্ৰাম্যমাণ থিয়েটাৰতো অভিনয় কৰি গৈছে। কহিনুৰ, আৱাহন, হেঙুল আৰু শকুন্তলা থিয়েটাৰত অভিনয় কৰিছিল। ভ্ৰাম্যমাণৰ ইতিহাসৰ এক অন্যতম নাটক ‘অসীমত যাৰ হেৰাল সীমা’ৰ ‘চন্দন’ৰ চৰিত্ৰত অভিনয় কৰিছিল নিপন গোস্বামীয়ে।
অভিনয়ৰ সমান্তৰালভাৱে নিপন গোস্বামীয়ে নাট পৰিচালনাও কৰিছিল। মুনীন বৰুৱাৰ লগত যৌথভাৱে তেওঁ ‘প্ৰতিমা’ ছবিখন পৰিচালনা কৰিছিল। উল্লেখ্য, অসমৰ আগশাৰীৰ নাট্যগোষ্ঠী আৱাহন থিয়েটাৰে ২০২১ বৰ্ষত নিপন গোস্বামীক ডঃ ভবেন্দ্ৰ নাথ শইকীয়া বঁটাৰে সন্মানিত কৰে ৷













