![]()
ইৰাণৰ হিজাব বিৰোধী প্ৰতিবাদক সমৰ্থন কৰিছে মডেল, অভিনেত্ৰী উৰ্বশী ৰৌটেলাই। ছচিয়েল মিডিয়াত চুলি কটাৰ ছবি পোষ্ট কৰি মহিলাসকলক সমৰ্থন কৰিছে তেওঁ। উৰ্বশীয়ে ইনষ্টাগ্ৰামত দুখন ছবি পোষ্ট কৰে। এজন নাপিতে চুলি কাটি থকা দেখা গৈছে।
ফটোখনৰ কেপচনত তেওঁ লিখিছে, “মাহছা আমিনিৰ গ্ৰেপ্তাৰ আৰু মৰ্মান্তিক মৃত্যুৰ বিৰুদ্ধে প্ৰতিবাদ কৰা ইৰাণৰ সকলো মহিলা আৰু ছোৱালীৰ সমৰ্থনত মই চুলি কাটিলোঁ।

এই সিদ্ধান্তৰ কাৰণ হৈছে উত্তৰাখণ্ডৰ আমাৰ ১৯ বছৰীয়া কন্যা অংকিতা ভাণ্ডাৰিয়া। বিশ্বৰ মহিলাসকলে এনেদৰে চুলি কাটি ইৰাণ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। নাৰীক সন্মান কৰক।”
ইয়াতেই শেষ নহয়। উৰ্বশীয়ে লগতে কয়, “নাৰীৰ চুলিক তেওঁলোকৰ সৌন্দৰ্য্যৰ প্ৰতীক বুলি গণ্য কৰা হয়। ৰাজহুৱাকৈ কাটি নাৰীয়ে কৈছে যে তেওঁলোকে সমাজৰ সৌন্দৰ্য্যৰ মানদণ্ডৰ প্ৰতি গুৰুত্ব নিদিয়ে আৰু তেওঁলোকে কাকো নিজৰ জীৱন, অভ্যাস, কাপোৰৰ বিষয়ে সিদ্ধান্ত লোৱাৰ অধিকাৰ নিদিয়ে।”













