মধ্যপ্ৰদেশত হিন্দীলৈ অনুবাদ কৰা ভাৰতৰ প্ৰথমখন চিকিৎসা গ্ৰন্থ দেওবাৰে উদ্বোধন কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এই পদক্ষেপে দেশত ইতিবাচক পৰিৱৰ্তন আনিব।কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালত এমবিবিএছৰ ছাত্ৰ-ছাত্ৰীৰ বাবে তিনিটা বিষয়ৰ হিন্দী অনুবাদ গ্ৰন্থ উন্মোচন কৰে।
এই দিনটোক ইতিহাসৰ এক গুৰুত্বপূৰ্ণ দিন বুলি অভিহিত কৰি শ্বাহে কয়, “মধ্যপ্ৰদেশ দেশৰ ভিতৰতে প্ৰথমখন ৰাজ্য, যʼত হিন্দী ভাষাত চিকিৎসা বিজ্ঞানৰ অধ্যয়ন আৰম্ভ হৈছে ।” এই উপলক্ষে শ্বাহৰ টুইটৰ উদ্ধৃতি দি মোদীয়ে লিখিছে, “এই পদক্ষেপত চিকিৎসা শিক্ষাৰ ক্ষেত্ৰখনে দেশত এক বৃহৎ ইতিবাচক পৰিৱৰ্তন আনিব।”
প্ৰধানমন্ত্ৰীয়ে লগতে লিখিছে, “ফলত লাখ লাখ ছাত্ৰ-ছাত্ৰীয়ে নিজৰ ভাষাত পঢ়িব পাৰিব। তেওঁলোকৰ বাবে বহু সুযোগৰ দুৱাৰ খোল খাব।”শ্বাহে ভূপালত অনুষ্ঠিত অনুষ্ঠানত মোদীক প্ৰশংসা কৰে যে তেওঁ চিকিৎসা বিজ্ঞানৰ কিতাপ হিন্দীলৈ অনুবাদ কৰিছে। মধ্যপ্ৰদেশৰ বিজেপি চৰকাৰে মেডিকেলৰ কিতাপ হিন্দীলৈ অনুবাদ কৰি প্ৰধানমন্ত্ৰীৰ সপোন পূৰণ কৰিছে বুলি গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
ইয়াৰ বাবে শ্বাহে প্ৰধানমন্ত্ৰীকো ধন্যবাদ জ্ঞাপন কৰে।কিন্তু কেৱল হিন্দী নহয়। শ্বাহে কয় যে চৰকাৰে বাংলা আৰু তামিলকে ধৰি আন ছটা ভাষাত চিকিৎসা আৰু অভিযান্ত্ৰিক শিক্ষাদানৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে।
কিন্তু মধ্যপ্ৰদেশত হিন্দী ভাষাত লিখা মেডিকেল গ্ৰন্থ প্ৰকাশৰ ক্ষেত্ৰত চিকিৎসা সমাজৰ এটা শ্ৰেণীৰ সন্দেহ আছে। বহুতে এই প্ৰশ্ন উত্থাপন কৰিছে যে হিন্দীৰ লগতে আঞ্চলিক ভাষাতো চিকিৎসা বিজ্ঞান অধ্যয়ন কৰা সম্ভৱনে?
তেওঁলোকৰ মতে বহু চিকিৎসা শব্দক আঞ্চলিক ভাষালৈ অনুবাদ কৰিব পৰা নাযায়। ফলত ই সমস্যাৰ সৃষ্টি কৰিব পাৰে। তদুপৰি বহুতে MBBS পাছ কৰি উচ্চ শিক্ষাৰ বাবে বিদেশলৈ যায়। সেই ক্ষেত্ৰত তেওঁলোকৰ সমস্যাও হʼব পাৰে।