জিমলৈ যোৱাৰ সময়ত হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে ছলমান খানৰ ‘বডি ডাবল’ সাগৰ পাণ্ডে।
মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫০ বছৰ। সূত্ৰ অনুসৰি, শুকুৰবাৰে বিয়লি ছলমানৰ বডি ডাবল জিমলৈ যায়। সেই সময়ত তেওঁৰ হাৰ্ট এটেক হয়। লগে লগে তেওঁক মুম্বাইৰ যোগেশ্বৰীস্থিত হিন্দু হৃদয় বালাচাহেব টক্ৰে ট্ৰমা পৌৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। তাত চিকিৎসকে সাগৰক মৃত ঘোষণা কৰে।
নিজৰ ‘বডি ডাবলʼৰ মৃত্যুত ছলমানে ইনষ্টাগ্ৰামত লিখিছে, “মোৰ লগত থকাৰ বাবে হৃদয়ৰ পৰা ধন্যবাদ। ভাই সাগৰ তোমাৰ আত্মাৰ শান্তি কামনা কৰিলো ” সাগৰ পাণ্ডেয়ে ছলমানৰ ‘টিউবলাইট’, ‘প্ৰেম ৰতন ধন পায়ো’, ‘ডাবাং’, ‘ডাবাং ২’কে ধৰি অৰ্ধ শতকৰো অধিক চিনেমাত কাম কৰিছে। তেওঁ কেৱল ছলমানৰ ‘বডি ডাবল’ হিচাপে কাম কৰাই নহয়, এজন নিষ্ঠাবান অনুৰাগীও আছিল। ছলমানক ‘গুৰু’ বুলি কৈছিল। অভিনেতা হোৱাৰ সপোন লৈ বলীউডলৈ আহিলেও ‘গুৰুʼৰ ‘বডি ডাবল’ ৰূপে অভিনয় কৰি তেওঁৰ সপোন পূৰণ হৈছিল।