কাৰ্বি আংলং জিলাৰ চামেলাংছʼ থানাৰ অন্তৰ্গত ৰং আৰে এম ই স্কুলৰ সহকাৰী শিক্ষক মনেশ্বৰ কলিতা ৰহস্যজনকভাৱে সন্ধানহীন হৈ থকাৰ প্ৰায় এমাহ উকলি যোৱাৰ পিছতো আৰক্ষীয়ে শিক্ষকগৰাকীৰ সন্ধান উলিওৱাত ব্যৰ্থ হোৱাৰ বিপৰীতে শিক্ষকগৰাকীৰ অনুসন্ধানৰ বাবে সোধ পোছ কৰাৰ নামত আৰক্ষীয়ে নিৰীহ লোকক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে।
আজি ডিফুস্থিত কাৰ্বি আংলং জিলা প্ৰেছ ক্লাবত এক সংবাদমেলৰ আয়োজন কৰি জাকাছ, কে এফ এ আৰু কে এছ ৱাই চি শীৰ্ষক সংগঠনকেইটাৰ নেতৃবৰ্গই এক সংবাদমেলৰ আয়োজন কৰি ৰং আৰে এম ই স্কুলৰ কাৰ্বি ভাষাৰ শিক্ষক কানিয়া টকবি আৰু একেখন বিদ্যালয়তে ৰান্ধনী হিচাপে কৰ্মৰত টকবিৰ পত্নী মৰিয়ম ৰংপিপীক অলপতে আৰক্ষীয়ে ডকমকা থানালৈ মাতি আনি নিৰ্মম শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ আনে।
আৰক্ষীৰ নিৰ্যাতনৰ ফলত অসুস্থ হৈ পৰা মৰিয়ম ৰংপিপী চিকিৎসাধীন হোৱাৰ লগতে এনে কাৰ্যৰ জৰিয়তে আৰক্ষীয়ে মানৱ অধিকাৰ উলঙ্ঘন কৰা বুলি ক্ষোভ প্ৰকাশ কৰে। লগতে, ডকমকা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীৰ বিৰুদ্ধেও কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনায় সংগঠনকেইটাই। আনহাতে, মনেশ্বৰ কলিতাৰ সন্ধানহীন হোৱা বিষয়টোৰ সকলো দিশ সামৰি অনুসন্ধান চলাই দোষীক শাস্তি প্ৰদানৰ দাবী জনায়।