বিপাঙত প্ৰযোজক তথা চলচ্চিত্ৰ পৰিচালক একতা কাপুৰ আৰু তেওঁৰ মাতৃ শোভা কাপুৰ। বিহাৰৰ বেগুছৰাইৰ এখন আদালতে ৱেব ছিৰিজৰ কিছুমান আপত্তিজনক দৃশ্য আৰু কাহিনীভাগৰ বাবে এই যুটিটোৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰে। সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ এক সূত্ৰ অনুসৰি, বিহাৰৰ বেগুছৰাইৰ বাসিন্দা শম্ভু কুমাৰ নামৰ এজন প্ৰাক্তন সেনাই থানাত একতা আৰু তেওঁৰ মাতৃৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।
২০২০ চনত তেওঁ অভিযোগ কৰিছিল যে ৱেব ছিৰিজ ‘ট্ৰিপল এক্সʼত এজন সেনাৰ পত্নীৰ বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্ক আৰু কিছুমান অপমানজনক দৃশ্য দেখা গৈছিল। তেওঁ দাবী কৰে যে তাত জোৱানসকলৰ আৱেগত আঘাত কৰা হৈছে। উক্ত অভিযোগৰ ভিত্তিত একতাৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছে। তদুপৰি, তেওঁক আদালতত হাজিৰ হʼবলৈ নিৰ্দেশ দিয়া হৈছে।
মন কৰিবলগীয়া যে একতাই ইতিমধ্যে পূৰ্বতে আপত্তি কৰা ৱেব ছিৰিজৰ দৃশ্যটো আঁতৰাই পেলাইছিল। ইয়াৰ বাবে তেওঁ এটা ভিডিঅ’ মেছেজযোগে ক্ষমাও বিচাৰিছে। অধিবক্তা ঋষিকেশ পাঠকৰ মতে, আপত্তিজনক দৃশ্যটো আঁতৰাই দিলেও তেওঁ আদালতত হাজিৰ হোৱা নাছিল। সেইবাবেই জাৰি কৰা হৈছে গ্ৰেপ্তাৰৰ পৰোৱানা।