অৱশেষত সকাহ পালে! ২০০ কোটি টকাৰ বিত্তীয় জালিয়াতিৰ গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ কৰিলে অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজে।
এই ধন সৰবৰাহৰ গোচৰত জেকলিন অন্যতম অভিযুক্ত বুলি দাবী কৰে ইডিয়ে। সেইবাবেই তদন্তকাৰীয়ে ধন সৰবৰাহৰ গোচৰত অভিযুক্তৰ তালিকাত অভিনেত্ৰীগৰাকীৰ নাম উল্লেখ আছিল। কিন্তু এই অভিযোগৰ বিৰোধ কৰে অভিনেত্ৰীগৰাকীয়ে। তেওঁ দিল্লীৰ এখন আদালতত প্ৰতি-অন্তৱৰ্তীকালীন জামিন বিচাৰি আবেদন কৰি কয় যে ইডিৰ দাবী মিছা। উক্ত জামিন সোমবাৰে মঞ্জুৰ কৰা হয়। আদালত চৌহদত তেওঁক ঘেৰি ধৰে অধিবক্তাই। ইয়াৰ মাজতে মুখত সকাহৰ হাঁহি দেখা গʼল জেকলিনৰ।
উল্লেখ্য, ২০০ কোটি টকাৰ বিত্তীয় জালিয়াতিৰ গোচৰৰ প্ৰধান অভিযুক্ত সুকেশ চন্দ্ৰশেখৰৰ সৈতে জেকলিনৰ সম্পৰ্ক ইতিমধ্যে ইডিয়ে ফাদিল কৰিছিল। সেই সময়ত জেকলিন এই গোচৰৰ অন্যতম সাক্ষী আছিল। এইবাৰ ইডিয়েও তেওঁক অভিযুক্তৰ তালিকাত স্থান দিছে। জুন মাহৰ শেষৰ ফালে জেকলিনক ইডিৰ দ্বাৰা মাৰাথন জেৰা কৰা হয়। দীৰ্ঘদিন ধৰি জেৰাৰ অন্তত জানিব পৰা গৈছে যে অভিনেত্ৰীগৰাকীয়ে সুকেশৰ পৰা ১০ কোটি টকা আত্মসাৎ কৰিছিল। ইয়াৰে ৭ কোটিতকৈ অধিক সম্পত্তি ইতিমধ্যে ইডিয়ে জব্দ কৰিছে।
ইডিৰ তদন্তৰ অন্তত পোহৰলৈ আহিছিল যে ধনেৰে জেকলিনৰ হৃদয় জয় কৰিবলৈ ব্যাকুল হৈ পৰে সুকেশ। তেওঁ জেকলিন আৰু তেওঁৰ পৰিয়ালৰ লোকক ২০০ কোটি টকাৰ পৰা উপহাৰ দিছিল। ইয়াৰে ৭.১২ কোটি টকা জেকলিনৰ নামত ফিক্সড ডিপোজিট আৰু ১৫ লাখ টকা জেকলিনৰ হৈ এজন চিত্ৰনাট্যকাৰক সুকেশে দিছিল বুলি সূত্ৰত প্ৰকাশ পাইছে।
ইডিৰ মতে, সুকেশে ২০০ কোটি টকা চুৰি কৰি জেকলিনক ৫.৭১ কোটি টকা উপহাৰ দিছিল। জেকলিনৰ পৰিয়ালৰ বাবে ব্যয় কৰিছিল সুকেশে ১ লাখ ৭৩ হাজাৰ ডলাৰ। সুকেশে জেকলিনক এখন দামী গাড়ী, ৯ লাখ মূল্যৰ মেকুৰী, ৫২ লাখ মূল্যৰ ঘোঁৰা, পাথৰৰ দামী গহনা উপহাৰ দিছিল। ইডিৰ মতে, সুকেশে এই ধন অবৈধভাৱে উপাৰ্জন কৰিছিল। গতিকে জব্দ কৰা হৈছে জেকলিনৰ ৭ কোটিৰ সম্পত্তি।