নব্বৈৰ দশকৰ অন্যতম জনপ্ৰিয় গীত হৈছে ‘মেনে পায়ল হে ছনকাই’। টেলিভিছন চেনেলতেই হওক বা ৰেডিঅʼতেই হওক, যেতিয়া এই গীতটো ফাল্গুনী পাঠকৰ কণ্ঠত বাজিছিল, তেতিয়া যুৱতীসকলৰ হৃদয়ত ধুমুহাৰ সৃষ্টি হৈছিল। সেই জনপ্ৰিয় গীতটোৰ ৰিমেক বনালে নেহা কক্কৰে।
শেহতীয়াকৈ মুক্তি লাভ কৰিছে নেহাৰ কণ্ঠত ‘অ’ সজনা’। যিটো ভাল লগাতো দূৰৰ কথা, গীতটো শুনাৰ পৰাই নেট জগতত হুলস্থুল লাগি পৰিছে। আনহাতে, সম্প্ৰতি মুম্বাইৰ এটা সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত স্বয়ং ফাল্গুনী পাঠকে নেহাৰ গানটোক লৈ ক্ষোভ প্ৰকাশ কৰিছে।
নেহাৰ বিৰুদ্ধে আইনী ব্যৱস্থা লʼবলৈ ইচ্ছুক বুলি সংবাদ মাধ্যমৰ আগত স্পষ্ট কৰি দিছে ফাল্গুনীয়ে। মাত্ৰ এটা কাৰণত এই পদক্ষেপ লʼব পৰা নাই। ফাল্গুনীৰ ভাষাত “মই আইনী ব্যৱস্থা লʼব বিচাৰো।যদি মই সেইটো কৰিব পাৰিলোহেঁতেন তেন্তে মই সঁচাকৈয়ে শান্তি পালোঁহেঁতেন। কিন্তু এই গীতটো মোৰ নহয়। গতিকে মই সেই পদক্ষেপ লʼব নোৱাৰো।”
ফাল্গুনী পাঠকে গীতটোৰ ৰিমেক একেবাৰে ভাল নাপালে। ছচিয়েল মিডিয়াতো তেওঁ ক্ষোভ প্ৰকাশ কৰা দেখা গৈছে। কণ্ঠশিল্পীগৰাকীয়ে লগতে কয় যে ‘অ’ সজনা’ গীতটো নিৰ্মাণ কৰাৰ পূৰ্বে, মুক্তি পোৱাৰ পিছতো নেহা বা প্ৰযোজকসকলে তেওঁৰ সৈতে কোনো যোগাযোগ কৰা নাই। কিন্তু ইমান বছৰৰ পাছতো গায়িকাগৰাকীয়ে, তেওঁৰ অনুৰাগীসকলে তেওঁক স্মৰণ কৰি তেওঁৰ কাষত থিয় দিয়াৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।