আশা পূৰণ নহ’ল। বক্স অফিচত বিপুল ব্যৱসায় কৰি অপৰিসীম জনপ্ৰিয়তা অৰ্জন কৰাৰ পিছতো ৰাজামৌলিৰ ‘আৰ আৰ আৰ’, বিবেক অগ্নিহোত্ৰীৰ ‘দা কাশ্মীৰ ফাইলছ’ আৰু সঞ্জয় লীলা ভাঞ্চালীৰ ‘গাংগুবাই কঠিয়াবাদী’ ছবিকেইখন অস্কাৰৰ দৌৰত পৰাস্ত হ’ল। বিপৰীতে গুজৰাটী ছবি ‘চেলো চোʼয়ে বিগ বাজেটৰ ছবিক পিছ পেলাই গৈছে।
অস্কাৰ ২০২৩ত শ্ৰেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্ৰ শাখাত ভাৰতৰ পৰা গৈ আছে ‘চেলো চো’ বা ‘দ্য লাষ্ট শ্ব’। গুজৰাটৰ এখন গাঁৱৰ কাহিনীৰ উন্মেষ ঘটিছে পৰিচালক পান নলিনৰ এই ছবিখনত। মুখ্য চৰিত্ৰত এগৰাকী কিশোৰী।
ডিজিটেল মাধ্যমৰ আগমন আৰু চেলুলয়ডৰ অস্বস্তিৰ অন্ত পৰাৰ কাহিনী বৰ্ণনা কৰা হৈছে ছবিখনত। ইতিমধ্যে এই ছবিখনে দেশ-বিদেশৰ বহু চলচ্চিত্ৰ সমালোচকৰ প্ৰশংসা লাভ কৰিছে। এই ছবিখন ভাৰতৰ পৰা অস্কাৰৰ বাবে পঠোৱাৰ সিদ্ধান্তত পৰিচালকজন আনন্দত আত্মহাৰা হৈ পৰিছে।
উল্লেখযোগ্য যে ১০০০ কোটি টকাৰ ব্যৱসায় কৰাৰ পিছত অহা বছৰৰ অস্কাৰত শ্ৰেষ্ঠ বিদেশী চলচ্চিত্ৰ আৰু মৌলিক সংগীতৰ বাবে ‘আৰ আৰ আৰ’ মনোনীত হʼব বুলি বিভিন্ন বাতৰিকাকতেও লিখিছিল। অৱশেষত উক্ত ছবিখনক চেৰাই আগবাঢ়ি গʼল ‘চেলো চো’।