১ ছেপ্টেম্বৰৰ পৰা ভাৰতৰ বজাৰত উপলব্ধ হৈছে প্ৰথমটো ছাৰ্ভাইকেল কেন্সাৰ বা জৰায়ুৰ কেন্সাৰৰ ভেকচিন। বৃহস্পতিবাৰে বিজ্ঞান আৰু প্ৰযুক্তি আৰু ভূ-বিজ্ঞান মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী জিতেন্দ্ৰ সিঙৰ উপস্থিতিত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়।
উল্লেখ্য, পুনেৰ ছিৰাম ইনষ্টিটিউটে কৰোনা ভেকচিন প্ৰস্তুত কৰি বিশ্বজুৰি Covid-19 ৰ সংক্ৰমণ ৰোধ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এইবাৰ বজাৰত মুকলি কৰিছে আদাৰ পুনাৱালাৰ সংস্থাই ছিৰামৰ জৰায়ুৰ কেন্সাৰৰ ভেকচিন। এই কৰ্কট ৰোগৰ আঁৰত আছে হিউমেন পোপিলোমা ভাইৰাছ (HPV)। আৰু সেই ভাইৰাছ প্ৰতিৰোধৰ বাবে এই নতুন ছিৰাম ভেকচিন উপযোগী হʼব।
কোভিড ৱৰ্কিং গ্ৰুপৰ অধ্যক্ষ এন কে আৰোৰাই কয়, “আমি অতি সুখী যে অৱশেষত আমাৰ মহিলাসকলে এই বহু প্ৰত্যাশিত ভেকচিন লাভ কৰিবলৈ সক্ষম হʼব। আৰু অধিক ৰোমাঞ্চকৰ কথা যে ভাৰতত এই ভেকচিন প্ৰস্তুত কৰা হৈছে। আশাকৰোঁ ৯ৰ পৰা ১৪ বছৰ বয়সৰ ছোৱালীৰ বাবে টীকাকৰণ কাৰ্যসূচী অতি সোনকালে আৰম্ভ কৰা হʼব।”
লগতে তেওঁ কয়, “৮৫ৰ পৰা ৯০ শতাংশ ৰোগীৰ ছাৰ্ভাইকেল কেন্সাৰ হৈছে এইচ পি ভি ভাইৰাছৰ ফলত। এই ভাইৰাছৰ বিৰুদ্ধে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা সৃষ্টি কৰিবলৈ সক্ষম হৈছে এই ছিৰাম ভেকচিন। যদি আমি কণমানি ছোৱালীক এই ভেকচিন দিব পাৰো, তেন্তে আশাকৰোঁ, ৩০ বছৰৰ পিছত এই কেন্সাৰ হোৱাৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পাব।”
বিশেষজ্ঞসকলৰ মতে এই কৰ্কট ৰোগ আন কৰ্কট ৰোগৰ দৰে নহয়। ভৱিষ্যতে কোনে এই ৰোগত আক্ৰান্ত হʼব পাৰে, সচেতন হʼলে বহু আগতেই জানিব পৰা যাব। তেওঁলোকৰ দাবী যে এইচ পি ভি ভাইৰাছ শৰীৰত প্ৰৱেশ কৰাৰ প্ৰায় ১৫ৰ পৰা ২০ বছৰ পিছত শৰীৰত এই কৰ্কট ৰোগ দেখা দিয়ে।
ফলত আপুনি সচেতন হʼলে কেন্সাৰৰ আশংকা হোৱাৰ বহু আগতেই ৰোধ কৰিব পৰা যায়। টীকাকৰণৰ দ্বাৰা এই ৰোগ প্ৰতিৰোধ কৰিব পাৰি। কিন্তু মহিলাসকলে যৌন সম্পৰ্কৰ পূৰ্বে এই ভেকচিন গ্ৰহণ কৰিব নালাগে।
শেহতীয়াকৈ গাৰ্ডাচিল আৰু ছাৰ্ভিক্স, ছাৰ্ভাইকেল কেন্সাৰৰ ভেকচিন হিচাপে উপলব্ধ আছিল। সেই দুটা ভেকচিন বহিঃৰাষ্ট্ৰৰ পৰা আনিব লাগে। এইবাৰ ভাৰতত উপলব্ধ হʼব ছাৰ্ভাইকেল কেন্সাৰ ভেকচিন।