এফালে অনাবৃত ফটো শ্বুট, আনহাতে ক্ষন্তেকতে ভাইৰেল! ফলত সকলোৰে নজৰত আহিবলৈ বেছি সময় নালাগিল। জুলাই মাহত বহু বিতৰ্ক, অভিযোগৰ পাহাৰ। যাৰ বাবে আৰক্ষীয়ে বিচাৰি আছিল অভিনেতা ৰণবীৰ সিঙক। কিন্তু সেই সময়ত তেওঁ থানালৈ যাবলৈ একেবাৰেই প্ৰস্তুত নাছিল। অৱশেষত ধৰা দিলে গল্লী বয়ে। সোমবাৰে পুৱা প্ৰায় ৭ বজাত তদন্তকাৰী বিষয়াৰ সন্মুখত হাজিৰ হয় অভিযুক্ত অভিনেতাগৰাকী। আৰক্ষীৰ সূত্ৰ অনুসৰি ৰণবীৰৰ বক্তব্য ৰেকৰ্ড কৰা হৈছে।
জানিব পৰা মতে, ৰণবীৰে থানাৰ পৰা ওলাই অহাৰ সময়ত পুৱা ৯.৩০ বাজিছিল। আৰক্ষী বিষয়াই জনোৱা মতে, প্ৰয়োজন হʼলে তেওঁক পুনৰ মতা হʼব।
উল্লেখ্য, ২২ আগষ্ট সোমবাৰে চেম্বুৰ থানাত হাজিৰ হোৱাৰ কথা আছিল ৰণবীৰ সিঙৰ। উন্মুক্ত ফটোশ্বুট কাণ্ডত তেওঁক মাতিছিল মুম্বাই আৰক্ষীয়ে। কিন্তু ৰণবীৰে নিৰ্ধাৰিত দিনটোত থানালৈ যাব নোৱাৰিব বুলি জনায়। অভিনেতাগৰাকীয়ে আৰু দুসপ্তাহৰ বাবে অনুৰোধ কৰে। কিন্তু তাৰ পূৰ্বে এসপ্তাহৰ পাছত আজি সোমবাৰে তেওঁ থানালৈ যায়।
উল্লেখ্য, এগৰাকী মহিলা অধিবক্তাই অভিনেতাগৰাকীৰ বিৰুদ্ধে এটা স্বেচ্ছাসেৱী সংগঠনৰ হৈ এজাহাৰ দাখিল কৰি অভিযোগ কৰে যে ৰণবীৰে চৰিত্ৰৰ মূল্যবোধ আৰু মহিলাৰ আৱেগক আঘাত কৰিছে। উল্লেখ্য যে বিগত ২৬ জুলাইত মুম্বাইৰ চেম্বুৰ থানাৰ আৰক্ষীয়ে এই এজাহাৰ এফ আই আৰ হিচাপে ৰুজু কৰিছিল।
ইফালে জন্মাষ্টমীৰ দিনা আলিবাগত নতুন ঘৰত প্ৰৱেশ কৰে। পত্নী দীপিকা পাডুকন আৰু বন্ধু-বান্ধৱীৰ সৈতে ছুটী কটাবলৈ তেওঁ মুম্বাইৰ ওচৰৰ সেই ঘৰটো কিনিছিল। সেয়ে তাৰকা যুগলে কয় যে উন্মুক্ত ফটো শ্বুটক লৈ হোৱা সকলো গুজৱ বা বিতৰ্কই দীপিকা-ৰণবীৰক স্পৰ্শ কৰিব নোৱাৰে। অৱশ্যে আৰক্ষীয়ে মাতিলে যাব লাগিব বুলি জনায়। সেয়ে ৰণবীৰে ব্যস্ততাৰ মাজতো কিছু সময় উলিয়াই অৱশেষত থানালৈ যায়৷
উল্লেখ্য, মুম্বাই আৰক্ষীয়ে ২২ আগষ্টৰ ভিতৰত হাজিৰ হʼবলৈ নিৰ্দেশ দি চমন জাৰি কৰি জাননী প্ৰেৰণ কৰিছিল। কিন্তু যেতিয়া আৰক্ষীয়ে অভিনেতাজনক বিচাৰি আহিছিল, তেতিয়া তেওঁ ঘৰত নাছিল।