… বন্ধুত্বৰ সংজ্ঞা বুজাৰ আগতেই আমি বন্ধু বুলি ক’বলৈ লৈছিলোঁ। প্ৰথম স্কুল যোৱাৰ দিনাই ঘৰলৈ উভতি অহাৰ পিছত আমাক সোধা হৈছিল যে “কোনোবা বন্ধু\বান্ধৱী বনালা নে স্কুলত?” তেতিয়াই আমি উত্তৰ দিছিলোঁ। সেয়াই আছিল আৰম্ভণি। তেতিয়াৰ পৰাই স্কুল, কলেজ আৰু অফিচ… সকলোতেই আমি বন্ধুত্বৰ গঢ় দিছোঁ। একাংশ আমাৰ জীৱনত ৰৈ গৈছে, একাংশই হয়টো জীৱনৰ পথবোৰকেই বেলেগ কৰি লৈছে…যদিও আমাৰ জীৱনত তেওঁলোকে এটা সাঁচ বহুৱাই থৈ গৈছে।
“বন্ধু” বুলি ক’লেই আমাৰ মনলৈ অহা সেই স্মৃতি সমূহে আমাক সমৃদ্ধ কৰে। এনে “বন্ধুত্ব” ৰ কাহিনীকেই লৈ এখন অসমীয়া ছবি “বন্ধু” মুক্তিৰ বাবে সাজু হৈছে। অহা ৪ নৱেম্বৰত ছবিখন অসমৰ প্ৰতিটো ছবিগৃহত মুক্তি লাভ কৰিব। আহক চোন আমি সকলোৱে “বন্ধুত্বৰ দিন” হিচাবে লৈ ৪ নৱেম্বৰত ছবিগৃহলৈ যাওঁ আৰু অসমীয়া ছবিখন উপভোগ কৰোঁ…