কা, ক’ৰোণা ভাইৰাছ আৰু লক-ডাউন… এই তিনিওটা বস্তুৰ সংমিশ্ৰণে বিগত দুটা বছৰে আমাক বাৰুকৈয়ে ব্যতিব্যস্ত কৰি তুলিছিল। আমাৰ অসমীয়া চলচিত্ৰ জগতখনকটো বাদেই দিওঁ, বলীউড, টলীউড অথবা হলীউডেও নিজৰ ছবিসমূহ মুক্তি দিবলৈ এটা দীঘলীয়া সময় অপেক্ষা কৰিবলগীয়াত পৰিছিল। শেহতীয়াকৈ অসমীয়া চলচিত্ৰ উদ্যোগটোৱে নতুনত্বৰ মুখ দেখিছে, বলীউডতকৈও বেছি জনপ্ৰিয় হৈছে অসমীয়া ছবি। দৰ্শকৰ ভিৰ অথবা হাউছফুল ছবি গৃহই এই নতুনত্ববোৰক সূচাইছে। নহয়নে? অসমীয়া মুক্তিপাবলগীয়া ছবিসমূহৰ শাৰীটোত ৰৈ আছে এখন বহু প্ৰত্যাশিত ছবি “বন্ধু”। হয়, ঠিকেই শুনিছে। অহা ৪ নৱেম্বৰ, ২০২২ তাৰিখে ছবিগৃহত মুক্তিপাবলৈ সাজু হৈছে “বন্ধু”। ছবিখনৰ শীৰ্ষ গীতটিয়ে ইতিমধ্যে দৰ্শক- ৰাইজৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছিল।
এই ছবিখনৰ মুখ্য চৰিত্ৰত অভিনীত অভিনেতা নয়ন নীলিমৰ সৈতে মই ৰীমা দত্তই অলপতে কিছু কথা পাতিছিলোঁ। বহুদিনীয়া পৰিকল্পনাৰ সাম কাটি “বন্ধু” ৰ শুভমুক্তিক লৈ নয়ন নীলিমৰ অনুভৱৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয় যে, “চিনেমা এখন নিৰ্মাণ কৰি তাক শেষৰ পৰ্যায়লৈকে লৈ যোৱাটো এটা কেঁচুৱাক ডাঙৰ-দীঘল কৰাৰ সমানেই। কেঁচুৱাটোক যিদৰে প্ৰতিপালন কৰি আগবঢ়াই নিয়া হয় ঠিক তেনেদৰে চিনেমা এখনৰো সুক্ষ্মাতিসুক্ষ্ম বস্তুবোৰ পৰ্যালোচনা কৰি তাক আগুৱাই নিব লাগে।
মোৰ মতে, পৃথিৱীত যদি টান কাম আছে সেয়া হৈছে এখন ছবি নিৰ্মাণ কৰাটো। ইয়াত বহুখিনি লোক জড়িত হৈ থাকে। আমাৰ ইয়াত ছবি উদ্যোগটো অইনতকৈ কিছু পিছপৰা, গতিকে ইয়াত থাকি চিনেমা বনোৱাটো কঠিন। যোৱা ২০১৭ চনৰ পৰা আমি “বন্ধু” ৰ পৰিকল্পনা কৰিছোঁ। “বন্ধু” য়ে যথেষ্ট সংগ্ৰাম কৰিছে। লক-ডাউনৰ ২ টা বৰ্ষ, শ্বুটিঙৰ হাৰ্ড ড্ৰাইভ বেয়া হোৱাৰ ফলত পুনৰ শ্বুট কৰা আদিকে ধৰি বহু বেছি কাঁইটীয়া বাটে খোজ দি আজি পৰ্যন্ত “বন্ধু” য়ে নিজৰ বন্ধুত্ব বজাই ৰাখি অহা ৪ নৱেম্বৰত ছবিগৃহলৈ আহি আছে।”
“ডেমফুল” ক ৰূপালীপৰ্দাত বহুত দিনৰ পিছত দৰ্শকে দেখিব। এইক্ষেত্ৰত নয়ন নীলিম অনুৰাগীক অনুৰাগীক কি আহ্বান জনাব বুলি সোধাত অভিনেতা গৰাকীয়ে কয় যে, “মোক যি দুই এজন লোকে জানে। তেওঁলোকে মোক অভিনেতা নাইবা শিল্পী বুলিয়ে জানে। গতিকে, এনেই য’তে ত’তে ওলাই থাকি অনুৰাগী সকলক নিৰাশ কৰাতকৈ ছবিৰ জৰিয়তে সকলোকে মনোৰঞ্জন দিয়াৰ কথা ভাবিছোঁ। যদি ৪ নৱেম্বৰত এই বন্ধুজনক সঁচা বন্ধু বুলি ভাবি আমাৰ মৰমৰ “বন্ধু” ক দৰ্শকে উপভোগ কৰে তেতিয়াহ’লে আগলৈ কাম কৰাৰ সাহস পাম।”
অসমীয়া ছবি সমূহে দৰ্শকৰ যথেষ্ট সঁহাৰি লাভ কৰিছে। গতিকে “বন্ধু” ৰ ক্ষেত্ৰত নয়ন নীলিমে দৰ্শকৰ পৰা কি আশা কৰে বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “বন্ধু এনে এটা শব্দ যাৰ মূল্যাংকন নাই। আমি মানুহবোৰ সদায় আশাবাদী। গতিকে আমিও আমাৰ বন্ধু সকলক ৪ নৱেম্বৰত ছবি গৃহত দেখা পাম বুলি আশাৰে বাট চাইছোঁ। তেওঁলোকে নিশ্চয় বন্ধুত্ব বিচাৰি পাব।”
আগলৈ তেওঁ কয় যে, “মহাভাৰতৰ যুদ্ধত অৰ্জুনৰ কাষত থিয় হোৱাটো নিস্বাৰ্থ বন্ধুত্বৰ উদাহৰণৰ ৷ আমাৰো জীৱন যুদ্ধখনত জয়ী হ’বলৈ সচাঁ বন্ধুৰ সান্নিধ্যৰ প্ৰয়োজন ৷ কম দিনৰ বাবে হ’লেও, যাতে হৃদয়ত চিৰদিনৰ বাবে সি ৰৈ যায় ৷ আকৌ এদিন লগ পোৱাৰ হেপাঁহত ….জীৱনৰ সোৱাদ ল’বলৈ! বন্ধু! লগ পাম দেই… ৪ নৱেম্বৰত।”