![]()
বৰ্ষাকালীন অধিবেশনৰ সময়ত মহাৰাষ্ট্ৰ বিধানসভা ভৱনৰ সন্মুখত জুই লগাই আত্মহত্যাৰ চেষ্টা চলায় এজন লোকে। মঙলবাৰে বিয়লি সংঘটিত হোৱা ঘটনাৰ সময়ত আৰক্ষীয়ে ততাতৈয়াকৈ তেওঁক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়লৈ লৈ যায়।
আৰক্ষীৰ সূত্ৰ অনুসৰি লোকজনে হঠাতে নিজৰ গাত কেৰাচিন ঢালি নিজকে জুই লগাই দিয়ে। কৰ্তব্যৰত আৰক্ষী জোৱানসকলে তৎপৰতাৰে তেওঁক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায় যদিও গুৰুতৰভাৱে আহত হয়। প্ৰাৰম্ভিক খবৰ অনুসৰি ব্যক্তিজনৰ নাম সুভাষ দেশমুখ। ওচমানাবাদ জিলাৰ ৱাছি তহচিলৰ এজন কৃষক।
উল্লেখ্য, মহাৰাষ্ট্ৰত ঋণৰ বোজাৰ বাবে কৃষকে কেইবাবাৰো আত্মহত্যা কৰিছে। এই ক্ষেত্ৰতো একেই হʼব পাৰে বুলি ধাৰণা কৰা হৈছে। কিন্তু এটা সূত্ৰই প্ৰকাশ কৰা মতে, পাৰিবাৰিক অস্থিৰতাৰ বাবেই এনে হʼব পাৰে। চৰকাৰী সূত্ৰ অনুসৰি শেহতীয়াকৈ সুভাষৰ সৈতে তেওঁৰ ভাতৃৰ সম্পত্তিক লৈ বিবাদ চলি আছিল। আনকি সূত্ৰটোৱে জনোৱা মতে, সুভাষ প্ৰকৃততে এজন কৃষক নহয়।










