প্ৰায়ে অভিভাৱকসকলে অভিযোগ কৰে যে সন্তানে ভালদৰে পঢ়া-শুনা নকৰে। যদি কোনো শিশুৱে বাকী সহপাঠীসকলৰ পৰা পিছ পৰি থাকে, কিবা এটা শিকিবলৈ বা বুজিবলৈ লেহেমীয়া হয়, তেন্তে অভিভাৱকজন অতিশয় বিচলিত আৰু চিন্তিত হৈ পৰে। কেতিয়াবা শিশুৱে আখৰ চিনি পোৱা, শব্দ পঢ়া আৰু লিখাত সমস্যাৰ সন্মুখীন হয়। ই স্বাভাৱিক নহয়। ইয়াক লাৰ্নিং ডিছঅৰ্ডাৰ বোলা হয়। যাক মনোবিজ্ঞানৰ ভাষাত ডিছলেক্সিয়া বুলি কোৱা হয়।
ডিছলেক্সিয়া হৈছে এনে এক মানসিক অৱস্থা যিয়ে শিশুৰ তথ্য বুজি পোৱা আৰু ব্যৱহাৰ কৰাৰ ক্ষমতাত ব্যাঘাত জন্মায়। এই সমস্যাই কেৱল শিশুৰ পঢ়া-শুনাত প্ৰভাৱ পেলোৱাই নহয়, জোতাৰ ফিতা বন্ধা, চাৰ্টৰ বুটাম লগোৱা আদি কাম-কাজতো সমানে প্ৰভাৱ পেলায়।
শেহতীয়াকৈ ‘Frontiers in Psychology’ নামৰ আলোচনীত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ গৱেষকসকলে কৈছে যে ডিছলেক্সিয়াক মানসিক বিকাৰ হিচাপে চাব নালাগে।
গৱেষকৰ মতে, উদ্ভাৱন আৰু সৃষ্টিশীলতাকে ধৰি কিছুমান বিশেষ ক্ষেত্ৰত ডিছলেক্সিয়া ৰোগীৰ ক্ষমতা আন পাঁচজনতকৈ বেছি। গৱেষকসকলৰ মতে, ডিছলেক্সিয়া ৰোগীসকল অন্বেষণ আৰু কৌতুহলৰ বিশেষজ্ঞ। এই অনুসন্ধানমূলক আচৰণে তেওঁলোকক পৰিৱৰ্তিত পৰিৱেশৰ সৈতে খাপ খুৱাবলৈ সহায় কৰে। মানুহৰ অস্তিত্ব ৰক্ষাত ই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গতিকে ডিছলেক্সিয়া কোনো মানসিক ৰোগ নহয়। যিসকল শিশু ইয়াৰ দ্বাৰা প্ৰভাৱিত হয়, তেওঁলোকৰ ‘বৌদ্ধিক ক্ষমতা’ গড় বা গড়তকৈ বেছি হʼব পাৰে। এই সকলো শিশু ব্যতিক্ৰমী বাকপটু।
ডিছলেক্সিয়াৰ কোনো নিৰ্দিষ্ট বা নিশ্চিত চিকিৎসা নাই। ইয়াৰ লক্ষণসমূহ চিনাক্ত হোৱাৰ লগে লগে জৰুৰীভাৱে মনোৰোগ বিশেষজ্ঞৰ পৰামৰ্শ লʼব লাগে। ডিছলেক্সিয়াত আক্ৰান্ত শিশুৱে সঠিক পাঠদান কৌশল আৰু নিৰ্দেশনা মানি চলি পঢ়া আৰু লিখাৰ দক্ষতা বৃদ্ধি কৰিব পাৰে। এনে লʼৰা-ছোৱালীয়ে যিবোৰ কামত পাকৈত, সেইবোৰ কৰিবলৈ উৎসাহিত কৰা উচিত।