
থলুৱা প্ৰযুক্তিৰে আকাশী প্ৰতিৰক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই (DRDO) এক বৃহৎ অগ্ৰগতি লাভ কৰিছে। শুকুৰবাৰে ওড়িশাৰ উপকূলৰ এ পি জে আব্দুল কালাম দ্বীপৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন কেন্দ্ৰৰ পৰা দীৰ্ঘ দূৰত্বৰ ভূমিৰ পৰা বায়ুলৈ নিক্ষেপ কৰিব পৰা ক্ষেপণাস্ত্ৰ কুশ (Missile Kusha)ৰ প্ৰথমটো উৰণ পৰীক্ষা (First test) সফলতাৰে সম্পন্ন (Successfully completed) কৰা হয়।
ডি আৰ ডি অ’ৰ বিজ্ঞানীসকলে ভাৰত ইলেক্ট্ৰনিকছ লিমিটেডৰ (বি ই এল) সহায় লৈ ৰাছিয়াৰ এছ-৪০০ ট্ৰাইমফৰ (সুদৰ্শন চক্ৰ নামেৰে জনাজাত) দৰে উচ্চ শক্তিৰ কুশ এয়াৰ ডিফেন্স ছিষ্টেম প্ৰস্তুত কৰিছে।

ডি আৰ ডি অ’ই ২০২৪ চনত সিন্দুৰ অভিযানৰ ঠিক পিছতেই এছ-৪০০ ট্ৰাইমফৰ থলুৱা বিকল্প প্ৰস্তুত কৰিবলৈ ‘প্ৰজেক্ট কুশ’ আৰম্ভ কৰিছিল। শত্ৰুৰ ড্ৰ’ন, ক্ষেপণাস্ত্ৰ আৰু যুদ্ধ বিমান ধ্বংস কৰাৰ ক্ষমতা থকা এই ‘বায়ু প্ৰতিৰক্ষা ব্যৱস্থা’ হাতত থাকিলে দেশৰ আকাশ সুৰক্ষিত হ’ব।
সূত্ৰ অনুসৰি, ‘প্ৰজেক্ট কুশ’ৰ সমান্তৰালকৈ বি ই এল আন এয়াৰ ডিফেন্স ছিষ্টেম নিৰ্মাণৰ ক্ষেত্ৰত ডি আৰ ডি অ’ৰ অংশীদাৰ হৈ পৰিছে। অৰ্থাৎ দ্ৰুত প্ৰতিক্ৰিয়াশীল ভূমিৰ পৰা আকাশী ক্ষেপণাস্ত্ৰ বা QRSAM (Quick Reaction Surface-to-Air Missile)। সিন্দুৰ অভিযানৰ পূৰ্বে বি ই এলে ডি আৰ ডি অ’ৰ কাৰিকৰী সহায়ত বিকশিত কৰা ‘আকাশতীৰ’ এয়াৰ ডিফেন্স ছিষ্টেম ভাৰতীয় সেনাক গতাই দিছিল। ইয়াক আকাশৰ মাজভাগত কম দূৰত্বৰ ড্ৰ’ন বা মিছাইল ধ্বংস কৰিব পৰাকৈ ডিজাইন কৰা হৈছে। ইয়াৰ উপৰি আকাশতীৰে শত্ৰুৰ যুদ্ধ বিমানৰ বিষয়ে বাস্তৱ সময়ৰ তথ্য প্ৰদান কৰিব পাৰে।











