
ককৰোচ জনতা পাৰ্টিৰ (CJP protest) প্ৰতিবাদস্থলী আৰু দিল্লীত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদস্থলীলৈ কোন কোন অহা-যোৱা কৰিছে তাৰ চিনাক্তকৰণৰ বাবে আৰক্ষীয়ে পদক্ষেপ গ্ৰহণ কৰিছে।

এইবাৰ ভিৰৰ মাজত কোনো দুষ্কৃতিকাৰী প্ৰৱেশ কৰিছে নেকি সেইটো চিনাক্ত কৰিবলৈ ‘মুখ চিনাক্তকৰণ’ (ফেচিয়েল ৰিকগনিশ্যন বা এফ আৰ এছ) ব্যৱস্থা স্থাপন কৰা হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, ইতিমধ্যে ২১ জুলাইৰ পৰা ২৩ জুলাইৰ ভিতৰত অপৰাধজনিত ইতিহাস থকা ২৫০০ লোকক মুখ চিনাক্তকৰণ ব্যৱস্থা ব্যৱহাৰ কৰি চিনাক্ত কৰা হৈছে।
যোৱা ২০ জুলাইত যন্তৰ-মন্তৰত যি বিশৃংখল পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছিল, সেই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী আৰক্ষীয়ে আক্ৰমণকাৰীক চিনাক্ত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে।
আৰক্ষীয়ে দাবী কৰিছে যে প্ৰতিবাদকাৰীৰ ভিৰৰ মাজত বহু দুষ্কৃতিকাৰী প্ৰৱেশ কৰিছিল। আৰক্ষী জোৱানক ছুৰী আৰু চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ অভিযোগ। বিগত তিনিদিনত ২৫০০ৰো অধিক এনে আক্ৰমণকাৰী চিনাক্ত হৈছে।
সূত্ৰ অনুসৰি, প্ৰতিবাদস্থলীৰ মূল প্ৰৱেশদ্বাৰ আৰু প্ৰস্থানত ‘মুখ চিনাক্তকৰণ’ ব্যৱস্থা স্থাপন কৰা হৈছে। ইয়াৰ উপৰি প্ৰতিবাদস্থলীৰ চাৰিওফালে এনেধৰণৰ আৰু দুটা ব্যৱস্থা স্থাপন কৰা হৈছে, যিবোৰ দিল্লী আৰক্ষীৰ ডাটাবেছৰ সৈতে পোনপটীয়াকৈ সংযুক্ত। কোনো কুখ্যাত অপৰাধীয়েই হওক বা অপৰাধজনিত ইতিহাস থকা কোনোবাই ভিৰৰ মাজত প্ৰৱেশ কৰি অশান্তিৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰক, সকলো কথা এফ আৰ এছৰ জৰিয়তে নিৰীক্ষণ কৰা হৈছে।
এই পৰ্যন্ত দিল্লী আৰক্ষীয়ে ১৫ খন এফআইআৰ পঞ্জীয়ন কৰিছে। সূত্ৰই জনোৱা মতে, চৰকাৰী সা-সম্পত্তি ভাঙি-ছিঙি আৰক্ষীৰ ওপৰত আক্ৰমণৰ লগত জড়িত লোকসকলক চিনাক্ত কৰাৰ বাবেও কাম চলি আছে।











