ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Sonam Wangshuk I অনশন ভংগ কৰাৰ আঁৰত কিবা ৰহস্য আছে নেকি? চৰকাৰৰ সৈতে আপোচৰ অভিযোগত মুখ খুলিলে ৱাংচুকে

Staff Reporter by Staff Reporter
July 25, 2026
Reading Time: 1 min read
A A
0
Sonam Wangshuk I অনশন ভংগ কৰাৰ আঁৰত কিবা ৰহস্য আছে নেকি? চৰকাৰৰ সৈতে আপোচৰ অভিযোগত মুখ খুলিলে ৱাংচুকে

Oplus_131072

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী

শিক্ষাৰ ক্ষেত্ৰত দুৰ্নীতি, নীট প্ৰশ্নকাকত ফাদিল আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত অনশন আৰম্ভ কৰিছিল সোণম ৱাংচুকে (Sonam Wangchuk)। বৃহস্পতিবাৰে মাজনিশা চিকিৎসালয়ত তেওঁ কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু জিতেন্দ্ৰ সিঙৰ উপস্থিতিত ২৬ দিনীয়া অনশন ভংগ কৰে।

Sonam Wangshuk I
চৰকাৰৰ সৈতে আপোচৰ অভিযোগত মুখ খুলিলে ৱাংচুকে:

কিন্তু বিতৰ্কই পিছ এৰা নাই। মন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰাৰ পূৰ্বে কিয় অনশনৰ পৰা আঁতৰি গ’ল সোণম ৱাংচুক? এতিয়া বহুতে এই প্ৰশ্ন উত্থাপন কৰিছে। আনকি কেন্দ্ৰৰ সৈতে ‘বুজাবুজি’ৰ অভিযোগো উত্থাপন হৈছে। তাৰ মাজতে এইবাৰ তেওঁ মুখ খুলিছে।

চিকিৎসালয়ৰ পৰা এটা ভিডিঅ’ পোষ্ট কৰি সমালোচকক বাৰ্তা প্ৰদান কৰে তেওঁ। ককৰোচ জনতা পাৰ্টীৰ (চিজেপি) আন্দোলনৰ সমৰ্থনত অনশন কৰি আছিল সোণম ৱাংচুকে। সংগঠনটোৰ নেতাসকলে তেওঁৰ অনশন ভংগ কৰাৰ সিদ্ধান্তক আদৰণি জনায়। কিন্তু ছ’চিয়েল মিডিয়াত বহুতে এই সিদ্ধান্তক সমালোচনা কৰিছে।

শুকুৰবাৰে নিশা সোণম ৱাংচুকে এটা ভিডিঅ’ পোষ্ট কৰি তেওঁলোকক কয়, “২৬ দিনৰ অনশনৰ অন্তত এতিয়া মোৰ আন্তৰিকতাৰ প্ৰমাণ কৰিব লাগিব নেকি? মই এই ভিডিঅ’টো বনাইছোঁ দুখ, আচৰিত, খং আৰু শোকৰ মিশ্ৰিত অনুভূতিৰে।

বহুত শাৰীৰিক টান, বিবাদ, ধৰ্মঘটৰ মাজত ২০ বা ২২ তাৰিখে মোৰ বাকী থকা সকলো শক্তি লৈ ওলাই আহিবলগীয়া হৈছিল। মোৰ পেশীবোৰ নষ্ট হৈ গৈছে, মোৰ অভ্যন্তৰীণ অংগ আৰু মগজুৰ অপূৰণীয় ক্ষতি হৈছে, মোৰ ওজন ১১ কিলোগ্ৰাম কমিছে, তাৰ পিছতো মই প্ৰমাণ কৰিব লাগিব যে মোৰ অনশন কিমান নিখুঁত আছিল?”

সোণমে কয় যে শুকুৰবাৰে পুৱাৰে পৰা বহু লোকে তেওঁক ফোন কৰি বা তেওঁৰ ওচৰলৈ আহি বিভিন্ন ছ’চিয়েল মিডিয়া পোষ্ট দেখুৱাইছে। অনশন ভংগ কৰাৰ সিদ্ধান্তক লৈ উত্থাপিত হৈ থকা প্ৰশ্নবোৰ সোণমৰ দৃষ্টিত পৰিছিল চিকিৎসালয়ত থকাৰ সময়তে।

অভিযোগ মতে, কেৱল নড্ডা আৰু জিতেন্দ্ৰৰ জৰিয়তে কিয় অনশন ভংগ কৰিলে, আন কাৰোবাৰ যোগেদি কিয় কৰা নহ’ল? কিয় তেওঁ শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰ পৰা পিছুৱাই গ’ল? এনে প্ৰশ্ন উত্থাপন হৈছে। একাংশই এখোজ আগুৱাই গৈ কেন্দ্রীয় চৰকাৰে সোণমৰ সৈতে ‘বুজাবুজি’ত উপনীত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে৷

এই সকলোবোৰ সমালোচনা দেখাৰ পিছত সোণমে এটা ভিডিঅ’ মেছেজ দিয়াৰ সিদ্ধান্ত লয়। তাত তেওঁ কয়, “সঁচাকৈয়ে যদি বুজাবুজি হ’বলগা আছিলেই তেন্তে তাৰ বাবে ২৬ দিন কোনোবাই নোখোৱাকৈ থাকিলহেঁতেন নেকি? আপোনালোকে দেখিছে যে অন্য লোকে বুজাবুজিত কেনেদৰে উপনীত হয়।

সেইদৰে কৰিছোঁ নেকি? মই এটা বিলাসী শীততাপ নিয়ন্ত্ৰিত কোঠাত বহি বুজাবুজিত উপনীত হ’ব নোৱাৰিলোঁহেঁতেননে? দিল্লীৰ গৰমত নোখোৱাকৈ, ৰাস্তাৰ কাষত কিয় বহিবলগা হ’ল? ” অৱশ্যে, তেওঁ এই কঠিন সময়ত তেওঁৰ কাষত থিয় দিয়াসকলকো ধন্যবাদ জনায়।

উল্লেখ্য যে সোণম ৱাংচুকে অনশন ভংগ কৰিলেও চিজেপি নিজৰ দাবীত অটল। দিল্লীত শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ধৰ্ণা কাৰ্যসূচী চলি আছে। সংগঠনটোৰ মুখপাত্ৰ আশুতোষ ৰাংকাই মন্ত্ৰীগৰাকীৰ পদত্যাগৰ বাহিৰে আন কোনো কথাতেই পিছুৱাই নাযায় বুলি মন্তব্য কৰিছে। ইতিমধ্যে চিজেপিৰ প্ৰতিনিধিয়ে কেন্দ্ৰৰ সৈতে বৈঠকত মিলিত হৈছে। প্ৰশ্নকাকত ফাদিল ৰোধ কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপৰ বিষয়েও আলোচনা কৰা হৈছে।

সোণমৰ অনশনৰ সন্দৰ্ভত ৰাংকাই কয় যে এই সিদ্ধান্তত তেওঁলোক সুখী। কাৰণ তেওঁলোকো সোণমৰ স্বাস্থ্যৰ প্ৰতি চিন্তিত আছিল। চিজেপিয়ে কেইবাবাৰো উপবাস ভংগ কৰিবলৈ অনুৰোধ জনাইছিল। অৱশ্যে ইয়াৰ লগত আন্দোলনৰ দাবীৰ কোনো সম্পৰ্ক নাই।

Tags: অনশন ভংগ কৰাৰ আঁৰত কিবাৰহস্য আছে নেকি? চৰকাৰৰ সৈতে আপোচৰ অভিযোগত মুখ খুলিলে ৱাংচুকে
Share4Tweet3Send

Related Posts

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে
National-International

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

by News Desk
July 25, 2026
50
Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল
National-International

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

by News Desk
July 25, 2026
50
CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী
National-International

CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী

by News Desk
July 25, 2026
50
DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা
National-International

DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা

by News Desk
July 25, 2026
50
Dharmendra Pradhan resigns I পঁইতাচোৰাৰ প্ৰতিবাদত চৰকাৰৰ নতি স্বীকাৰ, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
National-International

Dharmendra Pradhan resigns I পঁইতাচোৰাৰ প্ৰতিবাদত চৰকাৰৰ নতি স্বীকাৰ, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

by Staff Reporter
July 25, 2026
50
PM Modi । মাজনিশা পুনৰ ‘জেন জি’লৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা, দিলে ধন্যবাদ
National-International

PM Modi । মাজনিশা পুনৰ ‘জেন জি’লৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা, দিলে ধন্যবাদ

by Staff Reporter
July 25, 2026
50
ADVERTISEMENT
Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ
KARBI ANGLONG

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

July 26, 2026
50
CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে
National-International

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

July 25, 2026
50
Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল
National-International

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

July 25, 2026
50
CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী
National-International

CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী

July 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

July 26, 2026
CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

July 25, 2026
Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

July 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx