কিশোৰ কুমাৰ…. ১৯২৯ চনত আজিৰ দিনটোতেই বলীউড ক্ষেত্ৰখনত জন্ম হৈছিল এটুকুৰা হীৰাৰ। এই হীৰাৰ চমকে আজিপৰ্যন্ত পোহৰাই ৰাখিছে বলীউড জগতখনক। তেওঁ কেৱলমাত্ৰ এগৰাকী সংগীতকাৰেই নহয়; তেওঁ আছিল এজন অভিনেতা, লেখক আৰু এগৰাকী নিৰ্মাতা। ধৰিব পাৰিছে নে ৰাইজ, এইগৰাকী বিখ্যাত শিল্পী কোন? হয়, ঠিকেই ধৰিছে। এওঁৰ নাম হৈছে কিশোৰ কুমাৰ।
উল্লেখ্য যে, তেওঁ গোৱা গানৰ বাবে সেইটো সময়ত কেইবাগৰাকীও অভিনেতাই জনপ্ৰিয় হোৱাৰ সুবিধা লাভ কৰিছিল। নিজ জীৱন কালত নাই কমেও মুঠ ১৫০০ টা গীতত কণ্ঠদান কৰিছে এই মহান শিল্পীগৰাকীয়ে । এইগৰাকী শিল্পীয়ে কোনো চিনেমাৰ গীতত কণ্ঠদান কৰাৰ আগেয়ে নিজ নামত টকাৰ চেক বিচাৰিছিল। চেক আহি পোৱা পিছতহে তেওঁ কোনো সংগীতত হাত দিছিল।
কিশোৰ কুমাৰৰ কথা শুনাৰ লগে লগে ছাগে আপোনালোকৰ মনটো দোলা দিছে তেওঁৰ কিছু গীতে। আমাক জনাব চোন আপোনাৰ বাবে তেওঁ কণ্ঠদান কৰা প্ৰিয়গীত কোনটো? এইগৰাকী বিশিষ্ট ব্যক্তিয়ে ১৯৮৭ ত ইহলীলা সম্বৰণ কৰে।