গুৱাহাটী দিছপুৰ জনতা ভৱনৰ সন্মুখত নিশা ভয়ংকৰ পথ দূৰ্ঘটনা৷দ্ৰুতবেগী ট্ৰাকে জনতা ভৱনৰ সন্মুখত পথ ৰেলিং মহতীয়াই ৰাজপথতে বাগৰি পৰে।এই ভয়ংকৰ দুৰ্ঘটনাত আহত হয় তিনিজনকৈ ট্ৰাক আৰোহি।
উল্লেখ্য যে ৰ’দ ভৰ্তি মালবাহী ট্ৰাকখনে ৰাস্তাৰ মাজত থকা ৰেলিং মহতীয়াই লৈ যায়।দুৰ্ঘটনাগ্রস্ত ট্ৰাক খনৰ নম্বৰ এ.এছ ০১ বি.চি ৯০৭৩।ট্ৰাকখনত আছিল ৬জন আৰোহি৷তাৰ ৪গৰাকী শ্ৰমিক,এজন হেন্দিমেনৰ লগতে চালক৷
ইফালে দূৰ্ঘটনাটো সংঘটিত কৰি পলায়ন কৰে ট্ৰাকৰ চালক।তাপৰ্যপূৰ্ণ কথা দূৰ্ঘটনাটো ইমান ভয়ংকৰ আছিল যে পথৰ ৰেলিং সমূহ সম্পূৰ্ন ৰূপে ভাঙি যোৱাৰ লগতে ট্ৰাক খনৰ আগৰ চকাযোৰ খুলি যায়৷