গুৱাহাটী (Guwahati) তথা অসমৰ বাবে এক উদ্বেগজনক খবৰ। বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰৰ তালিকাত (List of the world’s most polluted cities) লক্ষণীয়ভাৱে অতি শোচনীয় স্থান গুৱাহাটীৰ। অৰ্থাৎ গুৱাহাটীৰ প্ৰদূষণৰ মাত্ৰা অতি শোচনীয় (Guwahati’s pollution levels are pathetic)। চুইছ বায়ুগুণ নিৰীক্ষণ সংস্থা আইকিউএয়াৰৰ শেহতীয়া প্ৰতিবেদনত (IQAir’s latest report) প্ৰকাশ পাইছে এই তথ্য। সংস্থাটোৰ তথ্য মতে, বিশ্বজুৰি বিভিন্ন চহৰত বায়ু প্ৰদূষণৰ স্তৰ অতি উদ্বেগজনক।
‘বিশ্ব বায়ু গুণমান প্ৰতিবেদন ২০২৩’ অনুসৰি, বিশ্বৰ দ্বিতীয় আটাইতকৈ প্ৰদূষিত চহৰ হৈছে গুৱাহাটী। আনহাতে, বিশ্বৰ আটাইতকৈ প্ৰদূষিত ৰাজধানী হৈছে দিল্লী।
প্ৰতিবেদনখনে বহুকেইখন ভাৰতীয় চহৰত বায়ু প্ৰদূষণৰ স্তৰৰ গুৰুত্বপূৰ্ণ বৃদ্ধিৰ ওপৰতো আলোকপাত কৰিছে। বিহাৰৰ বেগুচৰাইক ২০২৩ চনত বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰ হিচাপে তালিকাভুক্ত কৰা হৈছে। চহৰখনৰ গড় বাৰ্ষিক পিএম ২.৫ ঘনত্ব বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশনাতকৈ বহু বেছি।
গুৱাহাটীত ২০২২ চনৰ পৰা ২০২৩ চনৰ ভিতৰত ইয়াৰ পিএম ২.৫ ঘনত্ব ৫১ৰ পৰা ১০৫.৪ মাইক্ৰ’গ্ৰাম প্ৰতি ঘন মিটাৰলৈ দুগুণ বৃদ্ধি হোৱা দেখা গৈছে। একেদৰে বায়ু প্ৰদূষণৰ সৈতে যুঁজি থকা দিল্লীৰো পিএম ২.৫ ঘনত্ব যথেষ্ট বৃদ্ধি পাইছে।
প্ৰতিবেদন মতে, বায়ুৰ গুণমানৰ ক্ষেত্ৰত ভাৰতৰ সামগ্ৰিক স্থিতি বাংলাদেশ আৰু পাকিস্তানৰ পিছত। অৰ্থাৎ তৃতীয় আটাইতকৈ প্ৰদূষিত দেশ হিচাপে স্থান দিছে।
প্ৰতিবেদনখনৰ তথ্য বিশ্বজুৰি বিভিন্ন স্থানৰ 30,000 ৰো অধিক বায়ু গুণমান নিৰীক্ষণ কেন্দ্ৰৰ পৰা সংগ্ৰহ কৰা হৈছিল।