দেওবাৰে অসুস্থ হৈ পৰা বিশিষ্ট সাহিত্যিক তথা পদ্মশ্ৰী ৰংবং তেৰাঙ (Padma Shri Rangbong Terang) আজি ক্ৰমাৎ সুস্থ হৈ পৰিছে (is recovering gradually)৷ পূৰ্বতকৈ সুস্থ হৈছে বিশিষ্ট সাহিত্যিক পদ্মশ্ৰী ৰংবং তেৰাং। মহানগৰীৰ দিছপুৰ পলিক্লিনিক হাস্পতালত কেইবাগৰাকীও বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত চিকিৎসা চলাই থকা হৈছে সাহিত্যিকগৰাকীক। চিকিৎসকৰ তত্বাৱধানত ক্ৰমান্বয়ে সুস্থ হৈছে বিশিষ্ট সাহিত্যিকগৰাকী। সোমবাৰে পুৱাৰ আহাৰ গ্ৰহণ কৰি চিকিৎসালয়ৰ বিছনাত বহি কথা পাতিছে ৰংবং তেৰাঙে।
উল্লেখ্য যে দেওবাৰে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি শুই থকা অৱস্থাতে অসুস্থ হৈ পৰিছিল পদ্মশ্ৰী ৰংবং তেৰাং। তাৰ পাচতে বিয়লি ডিফু মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল সাহিত্যিকগৰাকীক । অৱশ্য়ে নিশা উন্নত চিকিৎসাৰ বাবে ডিফু মেডিকেল কলেজ হাস্পতালৰ পৰা প্ৰেৰণ কৰা হয় গুৱাহাটী মহানগৰীলৈ।
নিশাই মহানগৰীৰ দিছপুৰ পলিক্লিনিক হাস্পতালত ভৰ্তি (Admitted to Dispur Polyclinic Hospital ) কৰোৱা হয় ”ৰংমিলিৰ হাঁহি”ৰ স্ৰষ্টাক। সাহিত্যিকগৰাকীক দিছপুৰ পলিক্লিনিক হাস্পতালত ভৰ্তি কৰোৱাৰ পাছতে হস্পতালত উপস্থিত হয় বহু কেইগৰাকী গুণমুগ্ধ। ইপিনে, নিশাই সাহিত্যিকগৰাকীৰ স্বাস্থ্যৰ বুজ ল’বলৈ হস্পতালত উপস্থিত হয় সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দ।
উল্লেখ্য যে কাৰ্বি সাহিত্য সভাৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰা প্ৰথমগৰাকী ব্যক্তি হৈছে বিশিষ্ট সাহিত্যিক পদ্মশ্ৰী ৰংবং তেৰাং। অসম সাহিত্য সভাৰ দুবাৰকৈ সভাপতিৰ দায়িত্ব দুবাৰকৈ গ্ৰহণ কৰিছে বিশিষ্ট সাহিত্যিকগৰাকীয়ে। অসমীয়া আৰু কাৰ্বি মূলতঃ এই দুয়োটা ভাষাতে তেওঁ ৰচনা কৰি আহিছে একাধিক উপন্যাস আৰু গ্ৰন্থ।