বাৰ্মিংহাম কমনৱেলথ গেমছত ভাৰতলৈ প্ৰথমটো পদক কঢ়িয়াই অনা সংকেত সৰগৰৰ লগত অচিন্ত্য শিউলীৰ বহুখিনি মিল আছে।
মহাৰাষ্ট্ৰৰ ছাংগলীৰ এখন সৰু চাহ দোকানৰ পৰা আৰম্ভ হৈছিল সংকেত তাপৰিৰ কমনৱেলথলৈ যাত্ৰা।
চাহ বিক্ৰেতাৰ পৰা পোনপটীয়াকৈ বিশ্ব মঞ্চলৈ। অচিন্তৰ জীৱন কাহিনীও তাৰ লগত বহুখিনি মিল আছে। বৰঞ্চ অধিক কঠিনহে। হাওৰাৰ এখন দৰ্জীৰ দোকানৰ পৰা পোনে পোনে কমনৱেলথ গেমছৰ স্বৰ্ণ জয়। পিতৃহাৰা অচিন্ত্যই দুবেলা দুমুঠি ভালকৈ খাবলৈও পোৱা নাছিল। হাওৰাৰ দেউলপুৰত সৰু চালিৰে সজোৱা ঘৰত মাক আৰু ককায়েকৰ সৈতে থাকে ২০ বছৰীয়া ভাৰোত্তোলকগৰাকী।
পিতৃয়ে এখন ভেন চলাইছিল। কিন্তু ৯ বছৰ পূৰ্বে মৃত্যু হয় তেওঁৰ। তেতিয়াৰে পৰা মাকে তিনিজনীয়া পৰিয়ালটো লালন-পালন কৰি আহিছে। সাপ্তাহিক উপাৰ্জন ৫০০ টকা মাত্ৰ। আনকি সেই কামটোও নিয়মীয়া নহয়। ককায়েক অগ্নিনিৰ্বাপক বাহিনীৰ অস্থায়ী কৰ্মচাৰী। অচিন্ত্যই মাকক কামত সহায় কৰিছিল।
কিন্তু সেই উপাৰ্জনেৰে পৰিয়ালটোৱে দুটা বেলাৰ আহাৰো যোগান ধৰিব নোৱাৰে। বাৰ্মিংহামৰ মঞ্চত থিয় হৈ সেই সংগ্ৰামৰ কাহিনী কʼলে অচিন্ত্যই। কিন্তু অধ্যৱসায় আৰু একাগ্ৰতাৰে হাওৰাৰ ভাৰোত্তোলকগৰাকীয়ে জীৱন সংগ্ৰামত জয়ী হয়।
২০১১ চনত তেওঁ ভাৰোত্তোলন আৰম্ভ কৰিছিল। ২০১৩ চনত তেওঁ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত চতুৰ্থ স্থান দখল কৰিছিল। ঠিক পিছৰ বছৰতে তেওঁ হাৰিয়ানাত অনুষ্ঠিত ৰাষ্ট্ৰীয় গেমছত ব্ৰঞ্জৰ পদক লাভ কৰে। ২০২০ চনৰ পৰা তেওঁৰ জীৱনলৈ পৰিবৰ্তন আহে।
২০২৪ চনৰ পেৰিছ অলিম্পিকৰ সম্ভাৱ্য পদক বিজয়ী হিচাপে টাৰ্গেট অলিম্পিকৰ পʼডিয়ামত অচিন্ত্যৰ নাম প্ৰকাশ পাইছে। ঠিক সেইদিনাৰ পৰাই নতুন সপোন দেখিবলৈ আৰম্ভ কৰে তেওঁ। যিটো আজি কাৰ্যকৰী হয়। পেৰিছ অলিম্পিকলৈ এতিয়া তেওঁৰ শেন চকু। তাৰ পূর্বে কমনৱেলথত সোণ লাভ কৰাটোৱেই হৈছে বংগৰ ভাৰোত্তোলকগৰাকীৰ বাবে বৃহত্তৰ লক্ষ্যৰ দিশত প্রথম পদক্ষেপ৷