অভিনেতা ছলমান খানক বন্দুকৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা হৈছে বুলি মুম্বাই আৰক্ষীয়ে প্ৰকাশ কৰিছে। সোমবাৰে তেওঁলোকে জনোৱা মতে, এমাহ পূৰ্বে ছলমানে নিজৰ আৰু পৰিয়ালৰ সুৰক্ষাৰ বাবে আগ্নেয়াস্ত্ৰ ৰখাৰ বাবে প্ৰশাসনৰ পৰা অনুমতি বিচাৰিছিল। সেই অনুমতি তেওঁক দিয়া হৈছে।
শেহতীয়াকৈ পাঞ্জাবী গায়ক সিদ্ধু মুছেৱালাক হত্যা কৰাৰ পিছত ছলমানে মৃত্যুৰ ভাবুকি লাভ কৰিছিল বুলি অভিযোগ উঠিছে। তাৰ বাবেই অভিনেতাজনক আগ্নেয়াস্ত্ৰ ৰখাৰ অনুমতি দিয়া হৈছিল বুলি ধাৰণা কৰা হৈছে।
অভিনেতাগৰাকী আৰু তেওঁৰ পৰিয়ালে আৰক্ষীক অভিযোগ কৰে যে ছলমানে মৃত্যুৰ ভাবুকি লাভ কৰি আছে। ছলমানৰ পিতৃ চেলিম খানেও জুন মাহত তেওঁলোকৰ চৌহদত এখন ভাবুকিমূলক চিঠি পাইছিল। চিঠিখন এখন বেঞ্চত ৰখা হৈছিল যʼত প্ৰতিদিনে জগিং কৰি জিৰণি লৈছিল অভিনেতাজনে। ইয়াৰ পিছত যোৱা মাহত অৰ্থাৎ জুলাই মাহত ছলমানে মুম্বাইৰ আৰক্ষী আয়ুক্তক সাক্ষাৎ কৰি আগ্নেয়াস্ত্ৰ ৰখাৰ অনুমতি বিচাৰিছিল।
সূত্ৰ অনুসৰি, জুলাই মাহৰ শেষৰ ফালে অভিনেতাগৰাকীয়ে মুম্বাই আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ গৈ শীর্ষ আৰক্ষী বিষয়া বিবেক ফঞ্চলকাৰক সাক্ষাৎ কৰে৷ জানিব পৰা মতে তেওঁ বিবেকক কৈছিল যে তেওঁ আত্মৰক্ষাৰ বাবে বন্দুক লগত ৰাখিব বিচাৰে। ছলমানে লগতে কয় যে যদি তেওঁৰ হাতত বন্দুক থাকে তেন্তে তেওঁ পৰিয়ালটোক ৰক্ষা কৰিবলৈ সক্ষম হʼব। মুম্বাই আৰক্ষীৰ সূত্ৰ অনুসৰি বন্দুকৰ অনুমোদন লাভৰ বাবে বাধ্যতামূলক ছলমানৰ শাৰীৰিক পৰীক্ষাও একেদিনাই আৰক্ষীৰ মুখ্য কাৰ্যালয়ত কৰা হৈছিল। সোমবাৰে মুম্বাই আৰক্ষীয়ে জনোৱা মতে, ইতিমধ্যে অভিনেতাজনক আগ্নেয়াস্ত্ৰৰ অনুমতি পত্ৰ প্ৰদান কৰা হৈছে।
মন কৰিবলগীয়া যে ২৯ মে’ত পঞ্জাবত সিদ্ধু মুছেৱালাক হত্যা কৰাৰ পিছত কুখ্যাত অপৰাধী লৰেন্স বিষ্ণোইয়েও ছলমানক হত্যা কৰাৰ ভাবুকি দিয়াৰ কথা জানিব পৰা গৈছে। তদন্তকাৰীয়ে দাবী কৰে যে কৃষ্ণসাৰ হৰিণ হত্যাৰ গোচৰটো উক্ত ভাবুকিৰ সৈতে জড়িত। ১৯৯৮ চনৰ এই গোচৰৰ অন্যতম অভিযুক্ত হৈছে ছলমান।