
প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে (Students protest) পূৰ্বতে ঘোষণা কৰা অনুসৰি ঝাৰখণ্ড (Jharkhand)ৰ চৰকাৰী নিযুক্তি পৰীক্ষাত (Government job exam) হোৱা অনিয়মৰ প্ৰতিবাদ (Protest against irregularities)ত সোমবাৰে পুৱাৰে পৰা ‘বিধানসভা সমদল’ (Assembly relly) আৰম্ভ কৰে। তেওঁলোকৰ সৈতে এখন এম্বুলেন্সত উঠি আমৰণ অনশনত থকা দেবেন্দ্ৰনাথ মাহাতোও উপস্থিত থাকে। ৰাঁচীলৈ যোৱাৰ পথত বেৰিকেডৰ ওপৰেৰে উঠি প্ৰতিবাদকাৰীসকলে বিধানসভাৰ দিশে আগবাঢ়ে।
অৱশ্যে বিধানসভা ভৱনৰ পৰা ৩ কিলোমিটাৰ দূৰৈত এই সমদল বন্ধ কৰি দিয়া হয়। পিছত প্ৰতিবাদকাৰীসকল তাতেই বহি পৰে। কিন্তু তেওঁলোকে যেতিয়া পুনৰ বেৰিকেড ভাঙিবলৈ ধৰে তেতিয়া আৰক্ষীয়ে পানীহিলৈ নিক্ষেপ কৰাৰ অভিযোগ উঠিছে। কিন্তু সেয়াও আওকাণ কৰি প্ৰতিবাদকাৰীসকলে বিধানসভাৰ ফালে আগবাঢ়ে।আনহাতে, ছাত্ৰ-ছাত্ৰীসকলৰ দৰেই ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বাবুলাল মাৰাণ্ডী, বিজেপি নেতা আদিত্য চাহুকে ধৰি অন্যান্য বিজেপি কৰ্মীসকলে পৰীক্ষাৰ দুৰ্নীতিৰ চিবিআই তদন্তৰ দাবীত মুখ্যমন্ত্ৰী হেমন্ত চোৰেনৰ বাসগৃহৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী আৰম্ভ কৰে। আৰক্ষীয়ে আটক কৰে দুয়োজনকে। আনহাতে, বিজেপিয়ে আন্দোলনক বিপথে পৰিচালিত কৰা বুলি অভিযোগ উত্থাপন কৰে ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য সোণুৱে।
উল্লেখযোগ্য যে ইতিমধ্যে ঝাৰখণ্ড মুক্তি মৰ্চা চৰকাৰৰ সৈতে অনুষ্ঠিত তিনিটা পৰ্যায়ৰ বৈঠক ব্যৰ্থ হৈছে। নিযুক্তি পৰীক্ষাত হোৱা অনিয়মৰ তদন্ত চিবিআইৰ দ্বাৰা কৰাবলৈ দাবী জনাইছে। সকলো নিযুক্তি পৰীক্ষা বাতিল কৰিব লাগে বুলিও দাবী কৰাৰ লগতে পৰীক্ষা ব্যৱস্থাত সংস্কাৰৰ দাবী উত্থাপন কৰিছে। কিন্তু হেমন্তৰ চৰকাৰে সকলো দাবী মানি লোৱা নাই যদিও ছাত্ৰ-ছাত্ৰীৰ ৯৮ শতাংশ দাবী মানি লোৱা বুলি জানিবলৈ দিয়ে। ইয়াৰ পিছতে সোমবাৰে পুৰণি বিধানসভাৰ পৰা নতুন বিধানসভালৈ সমদলৰ আহ্বান জনায় প্ৰতিবাদকাৰীসকলে। তেওঁলোকে ঝাৰখণ্ডৰ সকলো জিলাৰ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক শান্তিপূৰ্ণভাৱে সমদলত যোগদান কৰিবলৈ আহ্বান জনায়। একেদৰে সোমবাৰেও ছাত্ৰ-ছাত্ৰীসকলে হাতত বেনাৰ, প্লেকাৰ্ড লৈ শ্লোগান দি সমদল অব্যাহত ৰাখে। বেৰিকেড স্থাপন কৰি পথ অৱৰোধ কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰে। কেইবাখনো ছবি আৰু ভিডিঅ’ত প্ৰতিবাদকাৰীসকলে বেৰিকেডৰ ওপৰেৰে বগাই যোৱা দেখা গৈছে।

সূত্ৰ অনুসৰি, আধা ঘণ্টীয়া সমদলৰ অন্তত বিধানসভা চৌহদৰ পৰা ৩ কিলোমিটাৰ নিলগত জগন্নাথ মন্দিৰৰ সমীপত প্ৰতিবাদকাৰীসকলক ৰখাই দিয়া হয়। তেওঁলোকৰ সৈতে অনশন কৰি থকা ছাত্ৰ দেবেন্দ্ৰনাথে এম্বুলেন্সত আহি তাত উপস্থিত হয়। বিগত আঠ দিন ধৰি অনশন কৰি আছে তেওঁ। সূত্ৰ অনুসৰি, তেওঁৰ ওজন কমিছে ১০ কেজি। প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু চোৰেনৰ ছবি লৈ তেওঁ অনশনত যোগদান কৰে। দাবী পূৰণ নকৰিলে প্ৰতিবাদ অব্যাহত থাকিব বুলিও একে সুৰত শ্লোগান দিয়ে প্ৰতিবাদকাৰী সকলে। ইয়াৰ পিছত যেতিয়া তেওঁলোকে বেৰিকেড ভাঙি পুনৰ আগবাঢ়ি যাবলৈ চেষ্টা কৰে তেতিয়া আৰক্ষীয়ে পানীহিলৈ নিক্ষেপ কৰাৰ অভিযোগ উত্থাপন হয়।
আনহাতে বাবুলাল আৰু আদিত্যই নিযুক্তি পৰীক্ষাত সংঘটিত দুৰ্নীতিৰ তদন্তৰ দাবীত হেমন্তৰ ঘৰৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী আৰম্ভ কৰে। আৰক্ষীয়ে আহি তেওঁলোকক আটক কৰি ভেনত উঠাই লোৱাৰ অভিযোগ উঠিছে। মাৰাণ্ডীয়ে কয় যে বিগত দুসপ্তাহ ধৰি ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও চৰকাৰে তেওঁলোকৰ কথা শুনা নাই। ঝাৰখণ্ড লোকতান্ত্ৰিক ক্ৰান্তিকাৰী মৰ্চাৰ বিধায়ক জয়ৰামকুমাৰ মাহাতোৱে অভিযোগ কৰে যে হেমন্তৰ চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ দাবী পূৰণ কৰাত ব্যৰ্থ হৈছে।
ঝাৰখণ্ডৰ মন্ত্ৰী দীপিকা পাণ্ডেয়ে কয় যে চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ প্ৰায় সকলো দাবী মানি লৈছে। নিযুক্তি ব্যৱস্থাতো সংস্কাৰ অনাৰ পৰিকল্পনা কৰা হৈছে। ঝাৰখণ্ডৰ এছএছচি-চিজিএল বাতিল কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলে যি দাবী উত্থাপন কৰিছে সেয়া আদালতৰ নিৰ্দেশৰ সৈতে জড়িত। গতিকে চৰকাৰে অকলে ইয়াৰ ওপৰত কোনো সিদ্ধান্ত ল’ব নোৱাৰে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে যদি ছাত্ৰ-ছাত্ৰীসকলে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰে তেন্তে পানীহিলৈ বা লাঠি ব্যৱহাৰ কৰা নহ’ব। তথাপিও প্ৰতিবাদকাৰীৰ ওপৰত পানীৰ কামান নিক্ষেপ কৰা বুলি অভিযোগ উঠিছে।













