
ছাদত খোজকাঢ়ি থকা সময়ত এগৰাকী যুৱতীক ধৰ্ষণ কৰাৰ অভিযোগ (Allegation of rape against Girl) এজন নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধে। গুজৰাটৰ আহমেদাবাদত (Ahmedabad, Gujarat) সংঘটিত হৈছে এই ঘটনা। ঘটনাৰ পিছৰে পৰা পলাতক হৈ আছিল অভিযুক্ত। কিন্তু কেইঘণ্টামানৰ ভিতৰতে তেওঁ ‘এনকাউণ্টাৰ’ত ধৰা পৰে। তেওঁৰ ভৰিত গুলী লাগে। আৰক্ষীৰ দাবী যে যেতিয়া অভিযুক্তক আত্মসমৰ্পণ কৰিবলৈ কোৱা হৈছিল তেতিয়া তেওঁ আৰক্ষী জোৱানৰ ওপৰত গুলীচালনা কৰিছিল। আৰক্ষীৰ গুলীত আহত হয় নিৰাপত্তাৰক্ষীজন। ইয়াৰ পিছতে তেওঁক গ্ৰেপ্তাৰ কৰা হয়।
আৰক্ষীৰ সূত্ৰ অনুসৰি, অভিযুক্তৰ পৰা উদ্ধাৰ কৰা হৈছে যুৱতীগৰাকীৰ মোবাইল ফোন। আহমেদাবাদৰ আনন্দনগৰ অঞ্চলত পেয়িং গেষ্ট হিচাপে থাকে ছোৱালীজনী। তেওঁ ইণ্টেৰিয়ৰ ডিজাইনিং বিষয়ত অধ্যয়ন কৰি আছে। শনিবাৰে নিশা ১০ মান বজাত ছাদত খোজকাঢ়িবলৈ গৈছিল তেওঁ। অভিযোগ অনুসৰি, ছোৱালীজনী খোজকাঢ়ি উঠি নামিবলৈ ওলোৱাৰ সময়ত নিৰাপত্তাৰক্ষীয়ে জোৰকৈ টানি লৈ যায়। তেওঁ ছোৱালীজনীৰ ডিঙিত তাঁৰ মেৰিয়াই চেপি ধৰে। ইয়াৰ পিছত ধৰ্ষণ কৰে। তাৰ পিছত তেওঁ পলায়ন কৰে।

আৰক্ষী উপ-আয়ুক্ত (জোন ৭) শিৱম বাৰ্মাই জনোৱা মতে, অভিযুক্তই ৬ দিন পূৰ্বে উক্ত বাসগৃহত কামত যোগদান কৰিছিল। বিগত চাৰি বছৰ ধৰি বিভিন্ন স্থানত নিৰাপত্তাৰক্ষী হিচাপে কাম কৰি আহিছে। প্ৰায় এঘণ্টা ধৰি ছোৱালীজনীক অত্যাচাৰ কৰা হয়। ডিঙিত বান্ধি থোৱাৰ বাবে চিঞৰিব পৰা নাছিল। তেওঁৰ ফোনটোও কাঢ়ি লৈ যায়। বাহিৰৰ পৰা দুৱাৰখন বন্ধ কৰি দিয়ে। ঘটনাৰ পিছত নিৰাপত্তাৰক্ষীজন পলায়ন কৰাৰ পিছতে ছোৱালীজনীয়ে চিঞৰ-বাখৰ কৰাত তলৰ মহলাৰ ব্যক্তিসকল আহি ছোৱালীজনীক উদ্ধাৰ কৰে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, আৰক্ষীয়ে ১০টা দল গঠন কৰি অভিযুক্তৰ সন্ধান কৰিছে। আৰক্ষীয়ে অঞ্চলটোৰ চিচিটিভি ফুটেজ সংগ্ৰহ কৰাৰ লগতে ছোৱালীজনী থকা ঘৰৰ চিচিটিভি ফুটেজ সংগ্ৰহ কৰিছে। তাত দেখা গৈছে যে ছোৱালীজনী ছাদলৈ যোৱাৰ পিছত চকীদাৰজনে তেওঁৰ পিছে পিছে গৈ তাত উপস্থিত হয়। শনিবাৰে নিশা অভিযুক্তৰ সন্ধানত তালাচী চলোৱা হয় যদিও দেওবাৰে পুৱা হেবাটপুৰৰ সমীপত তেওঁৰ অৱস্থান উদ্ধাৰ হয়। লগতে তেওঁক গ্ৰেপ্তাৰ কৰা হয়। কিন্তু সেই সময়ত নিৰাপত্তাৰক্ষীজনে এজন আৰক্ষীৰ পৰা বন্দুক কাঢ়ি লৈ আৰক্ষীক গুলীচালনা কৰা বুলি দাবী কৰা হৈছে। ইয়াৰ ফলত এজন আৰক্ষী জোৱান আহত হয়। আৰক্ষীয়েও উত্তৰত গুলীচালনা কৰে। ইয়াৰ ফলত আহত হয় অভিযুক্ত। আৰক্ষীয়ে জনোৱা মতে, অভিযুক্ত নিৰাপত্তাৰক্ষীজন উত্তৰ প্ৰদেশৰ হৰদয়ৰ বাসিন্দা। কিছুদিন পূৰ্বে তেওঁ ঘৰটোৰ নিৰাপত্তাৰক্ষীৰ চাকৰিত যোগদান কৰিছিল।













