![]()
শাহুৱেকৰ ওপৰত আৱেগিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি আত্মহত্যা কৰিলে এগৰাকী গৰ্ভৱতী যুৱতী মহিলাই। তেওঁৰ ভনীয়েকৰ অভিযোগ যে শাহুৱেকে বায়েকক ওজন বেছি হোৱাৰ বাবে সকলো সময়তে ককৰ্থনা কৰিছিল।
আনকি গৰ্ভৱতী হোৱাৰ পিছতো খোৱাৰ সময়ত ককৰ্থনা আৰম্ভ কৰিছিল। শাহুৱেকৰ এই অত্যাচাৰৰ বাবেই বায়েকে আত্মহত্যাৰ পথ বাছি লয়। বিবাহৰ পাঁচ মাহৰ পিছত যুৱতীগৰাকীৰ অস্বাভাৱিক মৃত্যুৰ অভিযোগত শাহুৱেকগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে।
আৰক্ষীৰ মতে, দেওবাৰে পশ্চিমবঙ্গৰ বেলাচেৰী অঞ্চলৰ পিতৃ-মাতৃৰ ঘৰৰ পৰা মহিলাগৰাকীৰ চিপ লোৱা মৃতদেহ উদ্ধাৰ কৰা হয়। এই খবৰ লাভ কৰাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়।
আৰক্ষীৰ সূত্ৰ অনুসৰি যুৱতীগৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ মৰণোত্তৰ পৰীক্ষাৰ পিছতহে জানিব পৰা যাব। মৃত ২৫ বছৰীয়া বোৱাৰীগৰাকীৰ ভগ্নীয়ে দাবী কৰে যে তেওঁৰ পেহীয়েকে মেছেজযোগে শাহুৱেকৰ ওপৰত অত্যাচাৰৰ বিষয়ে অৱগত কৰিছে। তেওঁৰ ওজনক লৈ ঠাট্টা কৰাৰ উপৰি শাহুৱেকে বায়েকৰ কাপোৰৰ বিষয়ে বহু কথাই কৈছিল।
উক্ত মেছেজত তেওঁ কয় যে তেওঁ শাহুৱেকৰ বাবেই ফাঁচি দি আত্মহত্যা কৰে। মেছেজটো পোৱাৰ পিছত ভনীয়েক লৰালৰিকৈ তেওঁৰ ঘৰলৈ যায়। ইয়াৰ পিছতে গম পায় অস্বাভাৱিক মৃত্যুৰ কথা। ভগ্নীৰ অভিযোগৰ ভিত্তিত ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।










