শাৰীৰিক ব্যায়ামৰ অভাৱৰ লগতে নির্দিষ্ট ডায়েট মানি নচলাৰ কাৰণে কম বয়সতেই জটিল ৰোগত আক্রান্ত হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। বিশেষজ্ঞৰ মতে, ইয়াৰ লগে লগে জীৱনশৈলীৰ পৰিবর্তন অনা উচিত। সম্প্রতি এক গৱেষণাত দেখা গৈছে যে অফিচত বহি যিয়ে দীর্ঘসময় ধৰি অবিৰতভাৱে কাম কৰে, তেওঁলোকৰ কার্ডিওভাছকুলাৰ ডিজিজত আক্রান্ত হোৱাৰ সম্ভাৱনা বেছি। বাঢ়িব পাৰে ষ্ট্ৰʼক লগতে হার্ট এটেকৰ আশঙ্কাও!
চাইনিজ একাডেমি অব মেডিকেল ছায়েন্সৰ লগতে পিকিং ইউনিয়ন মেডিকেল কলেজেৰ যৌথ উদ্যোগত এটি সমীক্ষা চলোৱা হয়। উক্ত গৱেষণাত জনা গৈছে যে যিসকলে ৮ ঘণ্টাৰো অধিক সময় একেৰাহে বহি কাম কৰে, তেওঁলোকৰ হার্ট এটেকৰ সম্ভাৱনা বাঢ়ি যায় ৫০ শতাংশ। গৱেষকসকলে প্রায় ১১ বছৰ ধৰি ২১খন দেশৰ ১ লাখৰো অধিক মানুহৰ ওপৰত পৰীক্ষা কৰিছে। যাৰ মাজত ২ হাজাৰ ৩০০ জনৰ হার্ট এটেক, ৩ হাজাৰ জনৰ ষ্ট্ৰʼক লগতে ৭০০ জনৰ হার্ট ফেইলৰ ঘটনা ঘটিছে। তেওঁলোকৰ প্রত্যেকেই জনাইছে যে দৈনিক অবিৰতভাৱে ৮ ঘণ্টাৰো অধিক সময় বহি কাম কৰিছে।
গৱেষকসকলৰ দাবী যে দীর্ঘসময় অবিৰতভাৱে বহি থকাৰ বাবে শাৰীৰিক ব্যায়ামৰ অভাৱত মৃত্যুৰ আশঙ্কা ৮.৮ শতাংশৰ লগতে ৫.৮ শতাংশ হৃদৰোগত আক্রান্ত হোৱাৰ আশংকা থাকে। গতিকে এই আশংকা কমাবলৈ বিশেষ কিছু টিপছ দিছে বিশেষজ্ঞসকলে। সেইবিলাক কি কি?
১. প্রতি এক ঘণ্টাৰ মূৰে মূৰে বহাৰ ধৰণ পৰিবর্তন কৰিব লাগে।
২. কামৰ মাজতে অফিচত কিছুক্ষণ খোজকাঢ়িব লাগে।
৩. লিফ্টেৰে নহয়, বৰঞ্চ চিঢৰিয়েদি চলা-ফুৰা কৰিব লাগে।
৪. ডেস্কৰ তলত ভৰি তোলা সৰু টুল ৰাখিব লাগে।
৫. মাজে মাজে কান্ধৰ ব্যায়াম কৰাও সুবিধাজনক ।
৬. প্রতিদিনে অন্তত ৩০ৰ পৰা ৪০ মিনিট ব্যায়াম কৰিব লাগে।