মধ্য প্ৰদেশ আৰক্ষীয়ে ’কালী’ৰ পোষ্টাৰ বিতৰ্কত পৰিচালক লীনা মনিমেকলাইৰ বিৰুদ্ধে এক লুক-আউট জাননী জাৰি কৰিছে।
মাদুৰাইস্থিত কানাডাৰ পৰিচালক লীনা মনিমেকালাইৰ তথ্যচিত্ৰ ‘কালী’ৰ পোষ্টাৰক লৈ বিতৰ্কৰ সৃষ্টি হৈছে।
পোষ্টাৰখনত কালীৰ পোছাক পৰিহিত এগৰাকী মহিলাই ধূমপান কৰি আছে। তেওঁৰ ঠিক পিছফালে ৰূপান্তৰকামীসকলৰ সাতোৰঙী পতাকাখন দেখা পোৱা পৰিলক্ষিত হৈছে। এই পোষ্টাৰখন বিভিন্ন ক্ষেত্রত সমালোচনা কৰা হৈছে৷
এনে পৰিপ্ৰেক্ষিতত মধ্যপ্ৰদেশৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰই তথ্যচিত্ৰখনৰ পৰিচালক লীনাৰ বিৰুদ্ধে ক্ষিপ্ৰতাৰে এক লুক-আউট জাননী জাৰি কৰে। এই সন্দৰ্ভত তেওঁ কেন্দ্ৰত এখন আবেদন দাখিল কৰিব বুলিও তেওঁ কয়। এই পোষ্টাৰখনে ধৰ্মীয় আৱেগক আঘাত কৰা বুলি দাবী কৰে নৰোত্তমে।