ভাৰতৰ ৯৭ কোটি মানুহে সুষম আহাৰ যোগাৰ কৰাত অপাৰগ। অর্থাৎ, মুঠ জনসংখ্যাৰ প্রায় ৭১ শতাংশ মানুহে স্বাস্থ্যকৰ খাদ্যৰ যোগান ধৰিব নোৱাৰে। সম্প্রতি এই তথ্য দিলে ৰাষ্ট্রসংঘৰ ‘খাদ্য আৰু কৃষি সংস্থা’ই (ফাও)। এই ৰিপোর্টত কোৱা হৈছে যে এছিয়া মহাদেশত ৪৩.৫ শতাংশ মানুহ সুষম আহাৰৰ পৰা বঞ্চিত হয়। সেয়ে ভাৰতৰ এই পৰিসংখ্যা আগৰে পৰাই উদ্বেগজনক।
ৰাষ্ট্রসংঘৰ ৰিপোর্ট অনুযায়ী, ২০২০ চনত বিশ্বব্যাপী ৩০৭ কোটি মানুহৰ সুষম খাদ্য যোগানৰ সামর্থ্য নাছিল। বর্তমানো বিশ্বব্যাপী ৪২ শতাংশ মানুহ স্বাস্থ্যকৰ খাদ্যৰ পৰা বঞ্চিত হৈ আছে। সকলোতকৈ বেয়া অৱস্থা নেপালৰ। দেশখনৰ ৮৪ শতাংশ মানুহ স্বাস্থ্যকৰ খাদ্যৰ যোগান ধৰাত অপাৰগ। ইয়াৰ পিছত আছে পাকিস্তান (৮৩.৫ শতাংশ), আফ্রিকা (৮০ শতাংশ), বাংলাদেশ (৭৩.৫ শতাংশ) আৰু লগতে ভাৰত (৭০.৫ শতাংশ)।
উল্লেখ্যযোগ্য যে দেশৰ প্রায় ৮০ কোটি মানুহ বা প্রায় ৬০ শতাংশ ভাৰতীয়ই খোৱাৰ বাবে চৰকাৰ প্রদত্ত ৰাজসাহাৰ্য্য ৰেচনৰ ওপৰত নির্ভৰশীল।
প্রধানমন্ত্রী গৰিব কল্যাণ অন্ন যোজনাৰ অধীনত বিনামূল্যে পাঁচ কেজি খাদ্য শস্যৰ এটি বিশেষ মহামাৰী সহায়তাৰ উপৰি উপভোক্তাই প্রতি মাহে পাঁচ কিলোগ্রাম চাউল-দাইল ইত্যাদি লাভ কৰে মাত্র ২-৩ টকাত। ৰাষ্ট্রসংঘৰ এই ৰিপোর্টৰ প্রসঙ্গত চিন্তাশীল মহলৰ একাংশৰ মতে, মানুহক পর্যাপ্ত পুষ্টি সম্পন্ন খাদ্য যে দিয়া হোৱা নাই, তাৰেই প্রমাণ এই তথ্য।