ডিফুৰ ধনশিৰি পৰিষদীয় সমষ্টিৰ নগাঁও বস্তিৰ সুলভ মূল্যৰ দোকানী ভীম বাহাদুৰ লামাৰ বিৰুদ্ধে উত্থাপন অভিযোগ খণ্ডন ভীম বাহাদুৰ লামাৰ।
যোৱা সোমবাৰে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ অন্তৰ্গত ১৯নং ধনশিৰি পৰিষদীয় সমষ্টিৰ নগাঁও বস্তিৰ সুলভ মূল্যৰ দোকানী তথা গাঁওবুঢ়া ভীম বাহাদুৰ লামাৰ বিৰুদ্ধে একাংশ লোকে সংবাদ মাধ্যমৰ আগত গুৰুত্বৰ অভিযোগ উত্থাপন কৰি কয় যে, ভীম বাহাদুৰ লামাই হিতাধিকাৰী ৰেছন কাৰ্ডৰ চাউল বিতৰণ ব্যাপক অনিয়মৰ লগতে হিতাধিকাৰী পৰা ৰেচন বনাই দিয়াৰ নামত ধন সংগ্ৰহ কৰি কাৰ্ড বনাই দিয়া নাই।
ইয়াৰোপৰি নবীকৰণৰ নামত হিতাধিকাৰীৰ কাৰ্ড জমা লৈ বছৰ বছৰ ধৰি নিজৰ ঘৰতে পেলাই থৈছে। এই সন্দৰ্ভত আজি গাওঁবুঢ়া তথা সুলভ মূল্যৰ দোকানী নগাঁও বস্তি সমাজ কাৰ্য্যালয়ত এক সংবাদমেলৰ আয়োজন কৰি তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ খণ্ডন কৰে।
ভীম বাহাদুৰ লামাই সংবাদ মাধ্যমৰ সম্বোধন কৰি কয় যে, তেওঁৰ সুলভ মূল্যৰ দোকানীত নগাঁও বস্তিৰ হিতাধিকাৰীৰ মাজত ৰেচন বিতৰণ কৰাত কোনো অনিয়ম হোৱা নাই চৰকাৰী বিধি অনুসৰি চাউল বিতৰণ কৰা হৈছে। আনহাতে তেওঁ কাৰ্ড বনাই দিয়াৰ নামত কাৰো পৰা ধন লোৱা নাই।
কোনোবা হিতাধিকাৰী চৰকাৰীও সংশ্লিষ্ট বিভাগৰ ৬জন সদস্যৰ নাম থাকিলে ৫ কেজিকৈ চাউল ৬ দিয়া হয় কিন্তু কাৰোবাৰ ঘৰত সদস্য সংখ্যা ৬ জন থাকিলেও চৰকাৰী নথিত চাৰিজন থাকে সেয়েহে ৫ কেজিকৈ চাৰিজনকে চাউল বিতৰণ কৰা হয়। ৰাইজৰ পৰা নবীকৰণৰ বাবে লোৱা ৰেচন কাৰ্ডসমূহ সংশ্লিষ্ট মূখ্যকাৰ্য্যলয়ত জমা হৈছে। তেওঁ ঘৰতে কোনো কাৰ্ড ৰাখি থোৱা নাই।
আনহাতে তেওঁ কোনো গ্ৰাহককো দুৰ্ব্যৱহাৰ কৰা নাই বুলি সংবাদমেলত উল্লেখ কৰে। বিৰোধী পক্ষৰ তেওঁৰ ৰাজনৈতিক ভৱিষ্যতৰ লগতে জনমানসত তেওঁৰ সন্মান লাঘৱ কৰিবলৈ এনেধৰণৰ মনে সজা ভিত্তিহীন অভিযোগ উত্থাপন কৰিছে।
উল্লেখযোগ্য সংবাদমেল চলি থকা সময়ত নগাঁও বস্তিৰ গাঁও সমাজ কাৰ্য্যালয়ৰ বাহিৰত সমবেত হৈ থকা শতাধিক ৰাইজে ভীম বাহাদুৰ লামাই ৰেচন বিতৰণত কোনো ধৰণৰ অনিয়ম সংঘটিত কৰা নাই। লগতে ৰেচন কাৰ্ডৰ নামত তেওঁলোকৰ পৰা কোনো উৎকোচ লোৱা নাই বুলি সংবাদমাধ্যমৰ আগত উল্লেখ কৰে।