কাৰ্বি আংলং জিলাৰ লাংহিনৰ 36 নং ৰাষ্ট্ৰীয় ঘাইপথত আজি সন্ধিয়া সংঘটিত হোৱা এক শোকাবহ পথ দুৰ্ঘটনাত তিনিজন কিশোৰৰ দুৰ্ঘটনাস্থলীতে নিহত হয়।
ঘটনাৰ বিৱৰণ অনুসৰি, আজি সন্ধিয়া প্ৰায় ছয় বজাত লাংহিনৰ 36 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এএছ-09-এইচ-6581 নম্বৰৰ মটৰচাইকেলখনত বিপৰীত দিশৰ পৰা আহি থকা এএছ-06-বিচি-6467 নম্বৰৰ দহচকীয়া ট্ৰাকখনে প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়।
ট্ৰাকখনে মহতীয়াই নিয়াৰ ফলত মটৰচাইকেলখনত থকা তিনিজনকৈ কিশোৰৰ দেহ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ছিন্ন ভিন্ন হৈ পৰে। থিতাতে নিহত হোৱা কিশোৰকেইগৰাকী ধেন্টাঘাটৰ নয়ন দেʼ (16), ঋত্বিক বসুমতাৰী (16) আৰু ৰাইদাউ বসুমতাৰী (16) বুলি চিনাক্ত কৰা হৈছে।