![]()
বিপজ্জনক প্রতিবাদ। বিপদৰ পৰা কোনোমতে ৰক্ষা পৰিল প্রধানমন্ত্রী নৰেন্দ্র মোদী। তেওঁৰ হেলিকপ্টাৰৰ আগত গেছ বেলুন উৰুৱালে কংগ্রেছৰ প্রতিবাদীসকলে। বিজয়ৱাৰাত সোমবাৰে এই ঘটনা ঘটে। উক্ত ঘটনাত গ্রেপ্তাৰ কৰা হৈছে তিনিজনক।
সোমবাৰে পুৱাতে কংগ্রেছকর্মীৰ বিক্ষোভ দেখা যায়। ‘গো বেক মোদী’ ধ্বনিও শুনা যায়। এই ঘটনাত জড়িত সন্দেহজনক কেইজনমান কংগ্রেছকর্মীক আটক কৰা হৈছে।
উল্লেখ্য, সোমবাৰে মোদী যোৱাৰ কথা আছিল অন্ধ্রপ্রদেশৰ ভীমাভৰমলৈ। তাত আল্লুৰি সীতাৰাম ৰাজুৰ মূর্তি উন্মোচনৰ কথা আছিল তেওঁৰ।
মোদীৰ এই কাৰ্যসূচীৰ বিৰুদ্ধে প্রতিবাদ জনায় কংগ্রেছকর্মীসকলে। অভিযোগ, তেওঁলোকৰে কেইজনমানে মোদীৰ হেলিকপ্টাৰৰ আগত ক’লা গেছ বেলুন উৰুৱাই দিয়ে ।










