বান-গৰাখহনীয়া (Floods and erosion)ক ৰাষ্ট্ৰীয় সমস্যা (national problem) হিছাপে ঘোষণা কৰি ইয়াৰ স্থায়ী সমাধান কৰা আৰু বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য প্ৰদান কৰাৰ দাবীত আজি ৰাজ্যৰ সদৰস্থানসমূহত সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছু (ASSU)ৱে বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিছে ৷
উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি আজি কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ ছেমছনছিং ইংতি মেমৰিয়েল পাৰ্কৰ সন্মূখত আছুৰ কাৰবি আংলং জিলা সমিতিয়ে বিক্ষোভ (protests) কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰতিবাদকাৰী সকলে ‘বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিছাপে ঘোষণা কৰক, বানাকেৰান্তক পৰ্যাপ্ত সাহায্য প্ৰদান কৰক, বিজেপি গ’বেক, হিমন্ত বিশ্ব শৰ্মা হায়, হায়’ আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷
প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি আছুৰ ৰাজ্যিক সদ্স্য ছৰ্জোন হাঞ্চে সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত কয় যে, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে বান সমস্যা সমাধান কৰিবলৈ নিৰ্বাচনৰ পূৰ্বে কেৱল প্ৰতিশ্ৰুতিতেই ক্ষান্ত থাকে ৷ প্ৰতিশ্ৰুতি সমূহ পূৰণ নকৰে ৷