চেন্টাৰ ফৰ ছাইন্স এণ্ড এনভায়ৰʼমেন্ট (চিএছআই) আৰু ডাউন টু আর্থ সংস্থাৰ প্রকাশিত এটি ৰিপোর্টত জনোৱা হৈছে যে, ভাৰতৰ ৭০ শতাংশ মানুহৰ মৃত্যু পুষ্টিকৰ খাদ্যৰ অভাৱত হয়।
প্রতি বছৰে ১৭ লাখ মানুহ অপুষ্টিজনিত খাদ্য খোৱাৰ ফলত নানা ধৰণৰ মৰণ ৰোগত আক্রান্ত হৈ মৃত্যুবৰণ কৰে। ‘ফুড এণ্ড এগ্রিকালচাৰ অর্গানাইজেছন’ৰ মতে, প্রতিদিনে এজন মানুহক পুষ্টিকৰ খাদ্য ক্ৰয় কৰিবলৈ যিমান পৰিমাণৰ টকাৰ প্রয়োজন হয় সেই টকা অধিকাংশ লোকৰ লগতে নাথাকে।
তেওঁলোকৰ যিমানখিনি আয় তাতকৈ প্রায় ৬৩ শতাংশ দাম বেছি প্ৰায় সকলো পুষ্টিকৰ খাদ্যৰ। ফলস্বৰূপে নানা ধৰণৰ কার্বোহাইড্রেট আৰু ট্রান্সফেট জাতীয় খাদ্য বেছি মাত্রাত গ্রহণ কৰে তেওঁলোকে। গোটা শস্য জাতীয় খাদ্য নাপায় বুলি ক’লেও ভুল কোৱা নহ’ব।
তেওঁলোকৰ মাজত অতিৰিক্ত ‘ৰেড মিট’ অৰ্থাৎ ৰঙা মাংস জাতীয় খাদ্য খোৱাৰ ফলত প্রতি বছৰে বহুতেই চুগাৰ, হৃৎপিণ্ড, কিডনিৰ নানা ধৰণৰ ৰোগৰ সমস্যাৰ সম্মুখীন হয়।
এতিয়া প্রশ্ন হ’ল যে পুষ্টিকৰ খাদ্য কাক বোলে? ভাৰতত অধিকাংশ মানুহৰ শৰীৰত শাক-পাচলি, ফল-মূল, বাদাম, শস্য আৰু বীজ জাতীয় খাদ্যৰ অভাৱ দেখা যায়।
তেওঁলোকে কেৱল ৰেড মিট, মাছ এইবিলাক খাদ্যই বেছিকৈ গ্রহণ কৰে। এজন ২০ বছৰ বয়সৰ অর্থাৎ প্রাপ্তবয়স্ক ভাৰতীয়ই কমেও ৩৫.৮ গ্রাম ফল, ১৬৮ গ্রাম শাক-পাচলি গ্রহণ কৰা আবশ্যক। ইয়াৰ উপৰি প্রচুৰ পৰিমাণে ফাইবাৰ আৰু প্রোটিন জাতীয় খাদ্যও গ্রহণ কৰিব লাগে। প্রোটিন জাতীয় খাদ্য কেৱল প্রাণীৰ হ’লেই নহ’ব, উদ্ভিদৰ প্রোটিনো খাব লাগে।