বলীউডৰ জনপ্ৰিয় দম্পতী ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট পিতৃ-মাতৃ হ’বলৈ সাজু হৈছে। এই বিষয়েআলিয়া ভাটে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা অনুৰাগীক জানিবলৈ দিছে। আলিয়াৰ ঘোষণাৰ পিছত, লাখ লাখ অনুৰাগীয়ে ৰণবীৰ আৰু আলিয়া ভাটক অভিনন্দন জনাইছে।
শেহতীয়াকৈ, আলিয়া ভাটৰ শাহুৱেক নীতু কাপুৰৰ এই শুভখবৰৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। নীতু কাপুৰে সংবাদ মাধ্যমৰ সন্মুখত নতুনকৈ আইতা হোৱাৰ আনন্দ প্ৰকাশ কৰিছে।
নীতু কাপুৰৰ এটা ভিডিঅ’ ভাইৰেল হৈছে, য’ত আইতা হোৱাৰ আনন্দ নীতু কাপুৰৰ মুখত স্পষ্টভাৱে দেখা গৈছে। যেতিয়া পাপৰাজীয়ে নীতু কাপুৰত অভিনন্দন জনাইছিল, তেওঁ অতি আনন্দেৰে ধন্যবাদ জনোৱাৰ লগতে কয় যে, “সমগ্ৰ বিশ্বই এই খবৰ পালে?”
ইয়াৰ পিছত, পাপৰাজীয়ে নীতুক কৈছিল যে এই তথ্য তেওঁৰ বোৱাৰীয়েকে নিজেই তেওঁৰ ইনষ্টাগ্ৰামত দিছে। ৰণবীৰ কাপুৰৰ ভগ্নী ৰিদ্ধিমা কাপুৰো কনিষ্ঠ কাপুৰৰ আগমনৰ খবৰত যথেষ্ট সুখী হৈ পৰিছে। ৰিদ্ধিমাই লিখিছিল যে “মোৰ কেঁচুৱাটোৰ এটা সন্তান হ’বলৈ গৈ আছে।”
আজি, আলিয়া ভাটে অনুৰাগীসকলক এই ডাঙৰ ভাল খবৰটো দিছে। আলিয়াই তাইৰ ইনষ্টাগ্ৰাম একাউণ্টত দুখন ফটো শ্বেয়াৰ কৰিছিল। ইয়াৰ সৈতে, কেপচনত তেওঁ লিখিছিল যে, “আমাৰ কেঁচুৱাটো সোনকালে আহি আছে।” আলিয়া ভাট আৰু ৰণবীৰ কাপুৰে ২০২২ চনৰ ১৪ এপ্ৰিলত বিবাহ পাশত আৱদ্ধ হৈছিল আৰু আঢ়ৈ মাহৰ পিছতহে আলিয়া ভাট-ৰণবীৰ কাপুৰে সকলোকে ইমান ডাঙৰ ভাল খবৰ দিছিল।