শক্তিপীঠ মা কামাখ্যা মন্দিৰত উলহ-মালহেৰে উদযাপন কৰি থকা হৈছে ভক্তিৰ উৎসৱ অম্বুবাচী মেলা। দেশী-বিদেশী বিভিন্ন পৰ্যটকৰ লগতে অনন্য ৰূপেৰে পৰিপূৰ্ণ বহু সাধু-সন্ন্যাসীৰ সমাগম ঘটিছে এইবাৰ নীলাচল পাহাৰত।
এই অম্বুবাচী মেলাতেই আজি নিৰ্বাক গোষ্ঠীয়ে মহানগৰ জিলা প্ৰশাসনৰ সহযোগত স্বচ্ছতাক কেন্দ্ৰ কৰি মূকাভিনয় প্ৰদৰ্শন কৰে।
স্বাস্থ্যকৰ জীৱন-যাপনৰ হেতু স্বচ্ছতাৰ প্ৰয়োজনীয়তা বাখ্যা কৰি প্ৰদৰ্শিত এই মূকাভিনয়ে ভক্তসকলক যথেষ্ট আকৰ্ষিত কৰে।