আজি লিখিবলৈ ওলাইছো-গত দশকটোৰ দহখন শ্ৰেষ্ঠ চিনেমাৰ অষ্কাৰ বা একাডেমী বঁটা লাভ কৰা চিনেমাৰ বিষয়ে। অৰ্থাৎ এক কথাত ক’বলৈ গ’লে এটি দশকৰ দহখন শ্ৰেষ্ঠ চিনেমাৰ বিষয়ে। ২০১২ ৰ পৰা ২০২১ লৈকে প্ৰতিটো বৰ্ষৰে শ্ৰেষ্ঠ চিনেমাখনৰ বিষয়ে থুলমূলকৈ কিছু বিৱৰণ দিয়া হৈছে-
১)আৰ্গ'(২০১২)ঃ২০১২ বৰ্ষৰ একাডেমী বঁটা প্ৰতিযোগিতাত শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰা আৰ্গ’ এখন শিহৰণধৰ্মী আৰু সঁচা ঘটনাৰ ভেটিত নিৰ্মিত চিনেমা। আৰ্গ’ৰ পৰিচালনা কৰিছে অভিনেতা তথা পৰিচালক-বেন এফ্লেকে। চিনেমাখন এমজন প্ৰাইম ভিডিঅ’ত উপলব্ধ।
২)টুৱেলভ ইয়েৰছ এ শ্লেভঃ(২০১৩)২০১৩ চনৰ শ্ৰেষ্ঠ চিনেমাৰ অষ্কাৰ বঁটা লাভ কৰা ছবিখন হৈছে-টুৱেলভ ইয়েৰ্ছ এ শ্লেভ। ছবিখনৰ নামটোৱেই সূচাই যে ছবিখন দাস প্ৰথাৰ ওপৰত নিৰ্মিত। এখন আফ্ৰিকান-আমেৰিকান ব্যক্তিৰ জীৱনৰ দাসত্বৰ ১২টি বছৰক চেলুলয়ডৰ পৰ্দাত তুলি ধৰা হৈছিলে। পৰিচালনা কৰিছিলে-ষ্টিভ মেককুইনে। এইখন চিনেমাও এমেজন প্ৰাইম ভিডিঅ’ত উপলব্ধ।
৩)বাৰ্ডমেনঃ-(২০১৪)পৰিচালক আলেজেন্দ্ৰ’ জি ইনাৰিটুৰ এই ছবিখন ২০১৪ বৰ্ষৰ শ্ৰেষ্ঠ ছবিৰ অষ্কাৰ বিজেতা। কেৰিয়াৰৰ পতনৰ দিশলৈ ক্ৰমশঃ অৱনমিত এজন প্ৰাক্তন ছুপাৰহিৰ’ৰ চৰিত্ৰাভিনয়েৰে প্ৰইঈমখ্যাত অভিনেতাৰ মনস্তত্ত্ব আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁ অতিমানৱীয় শক্তিৰে শক্তিবান হোৱাক দৰ্শোৱা হৈছিলে। এইখন চিনেমাও এমেজন প্ৰাইম ভিডিঅ’ত উপলব্ধ।
৪)স্পটলাইটঃ(২০১৫)ঃ-২০১৫ৰ এই বৰ্ষশ্ৰেষ্ঠ চিনেমাৰ একাডেমী বঁটা লাভ কৰা ছবিখন এক কথাত ক’বলৈ গ’লে দুটি অতি সংবেদনশীল বিষয়ৰ ওপৰত নিৰ্মিত। এটি গীৰ্জাৰ বিৰুদ্ধে শিশু যৌন-নিৰ্যাতনৰ এটি অভিযোগৰ ভেটিত এই চিনেমাখন। যৌন-নিৰ্যাতন আৰু ধৰ্ম-দুটিয়েই সংবেদনশীল বিষয়। পৰিচালনা কৰিছিলে-টম মেককাৰ্থীয়ে। এইখন চিনেমাও এমেজন প্ৰাইম ভিডিঅ’ত উপলব্ধ।
৫)মুনলাইটঃ(২০১৬)ঃ-২০১৬ চনৰ শ্ৰেষ্ঠ চিনেমাৰ অষ্কাৰ বঁটা বিজয়ী এই ছবিখন এজন আফ্ৰিকান-আমেৰিকান পুৰুষৰ আত্মানুসন্ধান,স্ব-আৱিষ্কাৰ,নিজস্ব যৌন চেতনা সম্পৰ্কে ভিন্নতাক জনা-ইত্যাদি বিষয় কেন্দ্ৰিক। ছবিখনৰ পৰিচালনা কৰিছে-বেৰী জেনকিনছে। এইখন চিনেমাও এমেজন প্ৰাইমত চাবলৈ পাব।
৬)দ্যা ছেপ অৱ ৱাটাৰঃ(২০১৭)২০১৭ ৰ এই শ্ৰেষ্ঠ ছবিৰ অষ্কাৰ লাভ কৰা ছবিখন এগৰাকী নিঃসংগ চাফাইকাৰী যুৱতীৰ এটা অদ্ভুত জীৱৰ সৈতে আগবাঢ়িব ধৰা অন্তৰংগ সম্পৰ্কৰ ভেটিত নিৰ্মিত। কল্পকাহিনী আৰু ৰোমাঞ্চধৰ্মী এই চিনেমাখনৰ পৰিচালনা কৰিছিলে-গুইলেৰম’ ডেলট’ৰ’ই। এমেজন প্ৰাইমত এই চিনেমাখনো উপলব্ধ।
৭)গ্ৰীণ বুকঃ(২০১৮)-২০১৮ বৰ্ষৰ শ্ৰেষ্ঠ চিনেমাৰ অষ্কাৰ বিজয়ী আত্মজীৱনীমুলক এই ছবিখন পৰিচালনা কৰিছে-পিটাৰ ফেৰেলীয়ে। ৬০ৰ দশকৰ দক্ষিণ আমেৰিকাৰ বৰ্ণবৈষম্যৰ কালছোৱাত দুজন সম্পূৰ্ণ বিপৰীত মেৰুৰ লোক গাড়ীৰে এটি দীঘলীয়া যাত্ৰাত একলগে যোৱাৰ এক সত্য আমোদজনক ঘটনাৰ ভিত্তিত নিৰ্মিত এই চিনেমাখন চ’নী লিভত উপলব্ধ।
৮)পেৰাচাইটঃ(২০১৯)দক্ষিণ কুৰিয়াৰ প্ৰখ্যাত পৰিচলাক বঙ জুন হ’ৰ ছবি পেৰাচাইটে লাভ কৰিছিলে ২০১৯ বৰ্ষৰ শ্ৰেষ্ঠ চিনেমাৰ অষ্কাৰ। এটি অভিজাত পৰিয়ালৰ প্ৰকাণ্ড গৃহত তেওঁলোকৰ অজ্ঞাতে বাস কৰা গৃহহীণ পৰিয়াল এটিৰ দুজন ব্যক্তিৰ এক সমান্তৰাল কাহিনীৰে নিৰ্মিত এখন শিহৰণধৰ্মী চিনেমা পেৰাচাইট,ঠিক বঙ জুন হ’ৰ আন প্ৰায়ভাগ চিনেমাৰ দৰেই। এইখন ছবিও এমেজন প্ৰাইমত উপলব্ধ।
৯)ন’মেডলেণ্ড(২০২০)ঃ২০২০ বৰ্ষৰ শ্ৰেষ্ঠ ছবিৰ অষ্কাৰ লাভ কৰা ন’মেডলেণ্ডছৰ বিষয়ে কেইদিনমান আগতে একলম লিখিছিলো। আমেৰিকাৰ যুক্তৰাষ্ট্ৰ গ্ৰেট ৰিচেছন(আৰ্থিক মন্দাৱস্থা)ৰ সময়ত কৰ্মহীন হোৱা এগৰাকী ৬০উৰ্দ্ধৰ নাৰী ফাৰ্নৰ এখন কেৰাভানকে ঘৰ হিচাপে লৈ কৰা যাত্ৰাৰ ভিত্তিত এই চিনেমাখন। ন’মেডলেণ্ডছ পৰিচালনা কৰিছে-ক’লে ঝাওৱে। চিনেমাখন ডিজনী হটষ্টাৰত উপলব্ধ।
১০)ক’ডাঃ-(২০২১)ঃএখন সাংগিতীক নাট্যধৰ্মী চিনেমা ক’ডাই ২০২১ বৰ্ষৰ অৰ্থাৎ একেবাৰে শেহতীয়া বৰ্ষৰ শ্ৰেষ্ঠ চিনেমাৰ অষ্কাৰ লাভ কৰিছে। ক’ডাৰ এটি বিশেষ মনোগ্ৰাহী কথা হ’ল-ক’ডাৰ তিনিটি চৰিত্ৰই বধিৰ আছিলে,আৰু এই অভিনেতা-অভিনেত্ৰী কেইগৰাকী বাস্তৱ জীৱনতো বধিৰেই। ইয়াৰ মাজৰে ট্ৰয় কূটচুৰে শ্ৰেষ্ঠ সহ অভিনেতাৰ অষ্কাৰ লাভ কৰিবলৈ সক্ষম হ’ল। কূটচুৰ অষ্কাৰ লাভ কৰা প্ৰথমজন বধিৰ পুৰুষ অভিনেতা। ক’ডাৰ পৰিচালনা-চিয়ান হেডেৰৰ।