আজি সুশান্ত সিং ৰাজপুতৰ দ্বিতীয় মৃত্যু বাৰ্ষিক। দুবছৰ পূৰ্বে সুশান্ত সিং ৰাজপুতক তেওঁৰ ফ্লেটত মৃত অৱস্থাত পোৱা গৈছিল। অভিনেত্ৰী গৰাকীৰ মৃত্যুত প্ৰত্যেক গৰাকী বলীউড অভিনেতা শোকবিহ্বল হৈ পৰিছিল।
আজি দুবছৰীয়া মৃত্যু বাৰ্ষিকীত বলীউডৰ অভিনেত্ৰী সাৰা আলী খানে তেওঁৰ সহ-অভিনেতা সুশান্ত সিং ৰাজপুতক স্মৰণ কৰিছে। অভিনেত্ৰীগৰাকীয়ে প্ৰয়াত অভিনেতাজনৰ সৈতে কটোৱা মুহূৰ্তবোৰ শ্বেয়াৰ কৰি তেওঁক ধন্যবাদ জনাইছিল।
২০১৮ চনত মুক্তিপ্ৰাপ্ত সাৰাৰ প্ৰথম ছবি ‘কেদাৰনাথ’ত তেওঁ সুশান্ত সিঙৰ সৈতে কাম কৰিছিল। ছবিখনৰ পৰা লোৱা এখন ফটো অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল।
ছবিখন শ্বেয়াৰ কৰোঁতে সাৰাই কেপছন লিখে যে, “প্ৰথমবাৰৰ বাবে কেমেৰাৰ মুখামুখি হোৱাৰ পৰা আৰম্ভ কৰি আপোনাৰ দূৰবীণৰ পৰা বৃহস্পতি আৰু চন্দ্ৰ চোৱালৈকে, মই আপোনাৰ বাবে বহু কিবা কিবি দেখিবলৈ সক্ষম হৈছিলোঁ। মোক সেই সকলোবোৰ মুহূৰ্ত আৰু স্মৃতি দিয়াৰ বাবে ধন্যবাদ।”
পোষ্টটোত সাৰাই আগলৈ লিখে যে, “আজি ৰাতি পূৰ্ণিমাৰ নিশা, যেতিয়া মই আকাশলৈ চাওঁ মই জানো যে আপুনি নিশ্চয় আপোনাৰ প্ৰিয় তৰাবোৰৰ মাজত জিলিকি আছে। সদায় আৰু চিৰকাল।”
“কেদাৰনাথ’ শীৰ্ষক ছবিখন অভিষেক কাপুৰৰ দ্বাৰা লিখা আৰু পৰিচালিত এখন ৰোমান্টিকধৰ্মী ছবি। ছবিখনত সাৰাই এগৰাকী ধনী হিন্দু ব্ৰাহ্মণৰ ছোৱালীৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল। আনহাতে, সুশান্তে এজন মুছলমান ডেকাৰ চৰিত্ৰত অভিনয় কৰিছিল।
ইয়াৰ সমান্তৰালকৈ, কাৰ্তিক আৰিয়নেও সুশান্ত সিং ৰাজপুতক স্মৰণ কৰিছে। কাৰ্তিকে লিখিছিল যে- তৰাবোৰ জিলিকি থাকে, ক’ত সেয়া গুৰুত্বপূৰ্ণ নহয়। আনহাতে, আৰমান মালিকেও প্ৰয়াত অভিনেতাগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
২০২০ চনৰ ১৪ জুনত, সুশান্তে ৩৪ বছৰ বয়সত মুম্বাইত তেওঁৰ বান্দ্ৰাৰ ঘৰত আত্মহত্যা কৰে। তেওঁৰ অন্তিম খন ছবি আছিল ‘দিল বেচাৰা’।