লাল সিঙ চদ্ধা-আমিৰ খান অভিনীত তথা আমিৰ খান প্ৰডাকচন হাউছৰ অনাগত এই বলীউডৰ ছবিখনক লৈ বেছ কিছুকালৰ পৰা চৰ্চা চলিয়েই আছে। আজি এই ছবিখন সম্পৰ্কে একলম অৰ্থাৎ কিছু বিশেষ কথা লিখিবলৈ খুজিছো। চিনেৰসিকসকলে নিশ্চয়কৈ ইতিমধ্যেই মুক্তিপ্ৰাপ্ত লাল সিঙ চদ্ধাৰ ট্ৰেইলৰ চাইছে,বা আগ্ৰহীসকলে এই বিষয়ে গুগল চাৰ্ছো নিশ্চয় কৰিছে।
লাল সিঙ চদ্ধাৰ বিষয়ে পঢ়িলেই দেখিবলৈ পাব,ইয়াৰ চিত্ৰনাট্যখন এডাপ্ট অৰ্থাৎ অভিযোজন কৰা হৈছে-ফৰেষ্ট গাম্প(Forrest Gump)চিনেমাখনৰ পৰা। ফৰেষ্ট গাম্প হৈছে ১৯৯৪ চনত মুক্তিপ্ৰাপ্ত এখন আমেৰিকান চিনেমা,যিয়ে পৰৱৰ্তী বৰ্ষত অৰ্থাৎ ১৯৯৫ চনত অনুষ্ঠিত একাডেমী বঁটা(অষ্কাৰ)প্ৰতিযোগিতাত সৰ্বমুঠ ৬ টাকৈ অষ্কাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিলে।
এই চিনেমাখন একে নামৰে লিখক ৱিনষ্টন গ্ৰুমৰ উপন্যাসৰ ভিত্তিত নিৰ্মিত হৈছিলে আৰু ইয়াৰ চিত্ৰনাট্য লিখিছিলে-এৰিক ৰ’থে। পৰিচালনা কৰিছিলে-ৰ’বাৰ্ট জেমেকিছে। মূখ্য অৰ্থাৎ নাম ভূমিকাত অভিনয় কৰিছিলে প্ৰখ্যাত অভিনেতা-টম হেংকছে। ফৰেষ্ট গাম্পে শ্ৰেষ্ঠ ছবি,শ্ৰেষ্ঠ পৰিচালক,শ্ৰেষ্ঠ অভিনেতা(টম হেংকছ),শ্ৰেষ্ঠ অভিযোজিত চিত্ৰনাট্য,শ্ৰেষ্ঠ ভিজুৱেল ইফেক্টছ আৰু শ্ৰেষ্ঠ সম্পাদিত ছবিৰ এই ছটিকৈ অষ্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিলে।
এটি প্ৰতিবন্ধী শিশু,কিশোৰ,যুৱকৰ পৰা এজন ব্যক্তিলৈকে ফৰেষ্ট গাম্পৰ কিছু একেবাৰেই সাধাৰণ,পিছে কিছু একেবাৰেই অসাধাৰণ বা অগতানুগতিক জীৱনযাত্ৰাক চেলুলয়ডৰ পৰ্দাত তুলি ধৰা হৈছিল। নাম ভূমিকাত যিদৰে টম হেংকছৰ অনবদ্য তথা নাটকীয়তা বিহীন অভিনয়,ঠিক একেদৰেই একেমুখে ক’ব পৰা এখন অনবদ্য চিনেমা,যাক বাৰে বাৰে চালেও হেঁপাহ নপলায়। এক কথাত ফৰেষ্ট গাম্প চিনেমাখন চাই থাকিলে,কাহিনী,অভিনয় আৰু গতিশীলতাৰ মাজেৰে আপুনি ফৰেষ্ট গাম্পৰ চৰিত্ৰটোৰ সৈতে মানসিকভাৱে একত্ৰ হৈ পৰিব।
আমিৰ খানক পাৰফেকচনিষ্ট বুলি জনা যায়। অৰ্থাৎ তেওঁ নিজৰ কামবোৰ নিখুঁতকৈ কৰাত বিশ্বাসী বা প্ৰয়াস কৰে। ফৰেষ্ট গাম্পৰ পুনৰ-নিৰ্মাণৰ পদক্ষেপ যিদৰে প্ৰশংসনীয়,ঠিক একেদৰেই মোৰ দৃষ্টিত একপ্ৰকাৰ দুঃসাহসীকো। আমিৰ খানে ২০১৮ চনত ফৰেষ্ট গাম্পৰ পুনৰ-নিৰ্মাণৰ ৰাইট বা অধিকাৰ কাৰ্যকৰী ৰূপত পাবলৈ সক্ষম হ’ল।
এৰিক ৰ’থৰ চিত্ৰনাট্য পুনৰ অভিযোজিত কৰিব লগা হ’ল। এই কাৰ্য কৰিলে অতুল কূলকাৰ্ণীয়ে। মূখ্য চৰিত্ৰত অৱশ্যেই আমিৰ খানেই অভিনয় কৰিছে। পৰিচালনা অদ্ভইট চন্দনৰ। ক’ভিডৰ জটিলতাৰ সৈতে যুঁজি অৱশেষত অহা ১১ আগষ্টত মুক্তিৰ দিন স্থিৰ কৰা হৈছে। লাল সিঙ চদ্ধাৰ ট্ৰেইলৰ চোৱাসকলে যদিহে ফৰেষ্ট গাম্প চাইছে,তেন্তে বহু দিশতেই,ফৰেষ্ট গাম্পৰ সৈতে সাদৃশ্য বিচাৰি পাব।
যিহেতু পুনৰ-নিৰ্মাণ বা ৰিমেকেই হয়-গতিকে ইয়াত কোনো অস্বাভাৱিকতা নাই। পিছে দুই মিনিটৰ ট্ৰেইলৰ চাই, দুঘন্টাৰ সম্পূৰ্ণ চিনেমাৰ উমান লগাব নিশ্চয়কৈ নোৱাৰি। পিছে আমিৰ খানৰ তত্বাৱধানত হোৱা কাম বুলিয়েই ফৰেষ্ট গাম্পৰ এটি সুবাস লাল সিঙ চদ্ধাত পাম বুলি কিছু আশা কৰিব পাৰি।
মাজতে অৰ্থাৎ,কেইমাহমানৰ আগতে আমিৰ খানে লাল সিঙ চদ্ধাৰ এক বিশেষ প্ৰদৰ্শনীৰো আয়োজন কৰিছিলে-অভিনেতা টম হেংকছৰ বাবে। যিদৰে অনুবাদ এক কলা-বা পুনৰ সৃষ্টিৰ দৰে-ঠিক একেদৰেই চিনেমা এখনৰ চিত্ৰনাট্যৰ অভিযোজন বা পুনৰ-নিৰ্মাণো এক কলাই,আৰু এই দুয়ো কলাই সহজ মুঠেও নহয়।
গতিকে এতিয়া ১১ আগষ্টলৈকে অপেক্ষা কৰাৰ বাদে গত্যন্তৰ নাই। অৱশ্যেই তেতিয়ালৈকে আগ্ৰহী তথা এতিয়ালৈকে নোচোৱাসকলে ফৰেষ্ট গাম্প চিনেমাখন চাব পাৰে। চিনেমাখন নেটফ্লিক্সত উপলব্ধ।













