![]()
এটা সময় আছিল, অক্ষয় কুমাৰৰ চিনেমা মানেই ছবিগৃহ উপচি পৰা ভিৰ। কোটি কোটি টকাৰ ব্যৱসায় কৰিছে তেওঁৰ বহুকেইখন ছবিয়ে। বলিউডৰ ‘খিলাড়ি’ক লৈ এক অন্য ধৰণৰ উন্মাদনা আছিল অনুৰাগীসকলৰ মাজত। কিন্তু সম্প্রতি সেই উন্মাদনাত যতি পৰিছে। বিপুল ধন খৰচ কৰি নিৰ্মাণ কৰা ছবিত বক্স অফিচত আধা টকাৰো ব্যৱসায় কৰাত ব্যর্থ!

শেহতীয়াকৈ মুক্তি পাইছে অক্ষয় কুমাৰ অভিনীত ‘সম্রাট পৃথ্বীৰাজ’। ছবিখন নিৰ্মাণত ২০০ কোটিৰো অধিক খৰচ কৰিছে নির্মাতাই। অথচ অষ্টম দিন পর্যন্ত এই ছবিৰ বক্স অফিচ সংগ্ৰহ মাত্র ৫৬ কোটি টকা! প্রথম দিনা উপাৰ্জন কৰিছিল ১০.৭০ কোটি টকা।
আনহাতে, অষ্টম দিনত সমগ্ৰ ভাৰতত উপাৰ্জন মাত্র ১.৭০ কোটি টকা। আৰম্ভণিৰ দিনাই বৃহৎ আঘাত খাইছিল ছবিখনে। অষ্টম দিনত আহি একেবাৰে মুখ থেকেচা খাই পৰে। ইফালে ব্যৱসায়ৰ খাতিৰত ‘সম্রাট পৃথ্বীৰাজ’ৰ একাধিক শ্ব বন্ধ কৰিলে ছবিগৃহবোৰে।
আনহাতে, কার্তিক আৰিয়ানৰ ‘ভুল ভুলাইয়া ২’ ছবিখনে ৰমৰমীয়া ব্যৱসায় কৰি থকাৰ সময়তে দর্শকক আকৰ্ষণ কৰিবলৈ ব্যর্থ হ’ল অক্ষয়ৰ ছবিখনে। টুইট বার্তাত বলিউডৰ ছবি ব্যৱসায় বিশ্লেষক ট্রেড তৰণ আদর্শই লিখিছে, ‘সম্রাট পৃথ্বীৰাজক প্ৰত্যাখ্যান কৰিছে দর্শকে। এফালে বৃহৎ বাজেটৰ বোজা, আনফালে ইমান দুর্বল ব্যৱসায়, সমগ্ৰ ইণ্ডাষ্ট্ৰী স্তম্ভিত এই ফলাফলত।’

উল্লেখ্য, ইয়াৰ পূৰ্বে মুক্তি পাইছিল অক্ষয় আৰু কৃতি শ্যানন অভিনীত ‘বচ্চন পাণ্ডে’। ‘দ্য কাশ্মীৰ ফাইলছ’ৰ ধুমুহাত উক্ত ছবিখনেও বক্স অফিচত ব্যৱসায় কৰাত বিফল হয়।













