নিজৰ অসুস্থতাৰ খবৰ তেওঁ নিজেই ছচিয়েল মিডিয়াত জনাইছে। চিকিৎসা চলি থকাৰ মাজতেই অভিনেতা অনুপম খেৰক প্রথম জনাইছিল মহিমাই। এইবাৰ তেওঁৰ সাহস আৰু কেন্সাৰৰ বিৰুদ্ধে যুঁজৰ কাহিনী ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে অনুপম খেৰে।
ইনষ্টাগ্রামত এটি ভিডিও পোষ্ট কৰিছে অনুপম খেৰে। য’ত স্তন কেন্সাৰত আক্রান্ত হোৱাৰ খবৰ নিজমুখে স্বীকাৰ কৰিছে মহিমাই। কেমোথেৰাপিৰ কাৰণে চুলি সৰি গৈছে তেওঁৰ। শৰীৰতো অসুস্থতাৰ চাপ। দীর্ঘদিনীয়া চিকিৎসাৰ কাৰণে শৰীৰ ভাগি পৰিলেও, সাহস অলপো কমা নাই তেওঁৰ। নিজৰ অসুস্থতাৰ কথা ক’বলৈ গৈ কান্দিছে মহিমাই। কিন্তু সুস্থ হৈয়েই উভতিব বিচাৰে বিনোদন জগতলৈ।
ইনষ্টাগ্রামৰ ভিডিওটোৰ কেপচনত অনুপম খেৰে লিখিছে, ‘মহিমা চৌধুৰীৰ সাহস আৰু কেন্সাৰৰ কাহিনী : এমাহ পূৰ্বে আমেৰিকাৰ পৰা ফোন কৰিছিলো তেওঁক। মোৰ ৫২৫তম ছবি ‘দ্য ছিগনেচাৰ’ত তেওঁ অভিনয় কৰাটো বিচাৰিছিলোঁ।
তেতিয়াই তেওঁ কথাৰ মাজতে জনায়, স্তন কেন্সাৰত আক্রান্ত তেওঁ। তেতিয়াই বুজিছিলোঁ, তেওঁৰ মনৰ জোৰেৰে সমগ্ৰ বিশ্বৰ অসংখ্য মহিলাক আশাৰ পোহৰ দেখুৱাব পাৰে।
তেওঁ বিচাৰিছিল ময়েই যেন এই খবৰটো সকলোৰে প্ৰথমে জনাওঁ। মহিমা, তুমিয়েই আমাৰ নায়ক। বন্ধুসকল, সকলোৱেই তেওঁক মৰম-ভালপোৱা, শুভেচ্ছা, সুস্থতা কামনাৰে উপচাই পেলাওক। তেওঁ ছেটলৈ পুনৰ উভতি আহক। প্রযোজক-পৰিচালকসকল, পুনৰ সময় আহিছে তেওঁৰ দুর্দান্ত অভিনয়ক কামত লগোৱাৰ।’