
প্ৰেমৰ নিষিদ্ধতা ভিন্ন ধৰণৰ। কেতিয়াবা যদি জাতি,ধৰ্ম,বৰ্ণ,বয়স বাধা হৈছে,কেতিয়াবা লিংগ,আৰ্থিক স্থিতি ইত্যাদিবোৰ বিভিন্ন বদ্ধমূল সামাজিক ধাৰণা বাধা হয় প্ৰেমৰ বাবে। যুগে যুগে এনে বিষয়ক লৈ চিনেমা নিৰ্মাণ হৈ আহিছে।
অৱধাৰিতভাৱে বহুতৰ বাবে “নিষিদ্ধ” শব্দটোৱে এক তৰল সুৰসুৰনিৰ অনুভৱেই দিয়ে। কাৰণ যি কি নহওঁক,নিষিদ্ধ প্ৰেমৰ চিনেমাৰ প্ৰতি মানুহৰ আকৰ্ষণ অপ্ৰতিৰোধ্য। কিছুৱে গূঢ়াৰ্থ বুজি এনে চিনেমা চাই যদি আন কিছুৱে সস্তীয়া মনোৰঞ্জনৰ বিচাৰি চাই। মুঠৰ ওপৰত এনে চিনেমাৰ আবেদনধৰ্মীতাক কোনেও আওকাণ কৰিব নোৱাৰে।
ভাৰততো বহু আগৰ পৰাই এনে চিনেমাৰ নিৰ্মাণ হৈ আহিছে। গুৰু দত্তৰ “প্যাছা”, চাহেব বিৱি ঔৰ গোলাম এনে উদাহৰণ। আজি আপোনালোকলৈ আগবঢ়াইছো এনে পাঁচখন চিনেমাৰ কথা।
ফায়াৰ- দীপা মেহতা পৰিচালিত ফায়াৰ এখন সমকামী প্ৰেমৰ
চিনেমা। ১৯৯৬ চনত মুক্তি লভা এই চিনেমাই ভাৰতীয় চলচ্চিত্ৰ জগতৰ লগতে ভাৰতীয় সমাজতো যথেষ্ট হৈ-চৈৰ সৃষ্টি কৰিছিল। মুখ্য চৰিত্ৰত অভিনয় কৰা দুই নাৰী চৰিত্ৰ ৰাধা আৰু সীতাৰ স্বামীয়ে বিবাহৰ পিছত তেওঁলোকৰ সৈতে অনা কায়িক দূৰত্বৰ বাবেই গঢ় লৈ উঠিছিল দুয়োৰে মাজত এক নিবিড় কায়িক-মানসিক সম্পৰ্ক।
ব্ৰ’কবেক মাউন্টেইন-
২০০৫ চনত মুক্তিপ্ৰাপ্ত পৰিচালক এঙ লীৰ এই চিনেমাখনো এখন নিষিদ্ধ প্ৰেমৰ চিনেমা। দুই সমকামী পুৰুষৰ কায়িক-মানসিক প্ৰেম কাহিনীৰ ভিত্তিত নিৰ্মিত এই ছবিখনত দুয়োৰে প্ৰেম আগবঢ়ে প্ৰথমে কায়িকভাৱে আৰু ক্ৰমশঃ মানসিকভাৱে। পৰৱৰ্তী সময়ত দুয়োৱে নিজ নিজ প্ৰেয়সীক বিয়া কৰোৱাৰ পিছত কিদৰে তেওঁলোকৰ সম্পৰ্কত জটিলতা আহি পৰে সেইয়াই চিনেমাখনৰ মূল বিষয়।
লিটিল চিলড্ৰেন-
ট’ড ফিল্ডৰ দ্বাৰা পৰিচালিত এই চিনেমাখনে ২০০৬ চনত মুক্তি লাভ কৰিছিলে। অসুখী দাম্পত্য জীৱনত ককবকাই থকা দুই পুৰুষ-নাৰীৰ নিষিদ্ধ প্ৰেম এই চিনেমাৰ বিষয়বস্তু।
কিদৰে এটা চুম্বনেৰে আৰম্ভ হোৱা এই প্ৰেম তেওঁলোকে মানসিক পৰ্যায়তে সীমাবদ্ধ ৰখাৰ সিদ্ধান্তৰ পিছতো আকৌ দুয়ো কায়িকভাৱেও দুয়োতে লীন যায় আৰু অৱলীলাক্ৰমে কিদৰে এই প্ৰেমে তেওঁলোকৰ সংসাৰিক জীৱন আৰু বেছি আওল লগা কৰি তোলে তাকেই লৈ এই চিনেমাখন।
পাৰফিউম-
টম টাইকাৰ পৰিচালিত ২০০৬ চনত মুক্তিপ্ৰাপ্ত চিনেমা পাৰফিউম। এজন ফৰাচী সুগন্ধি প্ৰস্তুতকৰ্তা যাৰ জন্মগতঅভৱে আছে অসাধাৰণ গোন্ধ ল’ব পৰা ক্ষমতা। সুগন্ধি ল’বৰ বাবে যি বহুকেইগৰাকী কিশোৰী হত্যা কৰি তেওঁলোকক উলংগ কৰি সুগন্ধি লয়।
দা ৰিডাৰ-
২০০৮ বৰ্ষত মুক্তিলভা এই চিনেমাখনৰ পৰিচালনা ষ্টিফেম ডালদ্ৰেৰ। এই চিনেমাখনত এগৰাকী ৩৬ বছৰীয়া নাৰীৰ এজন ১৫ বছৰীয়া কিশোৰৰ সৈতে থকা দীঘলীয়া সময়ৰ যৌন সম্পৰ্কক দেখোৱা হৈছে।













