পাৰফিউম,ডিঅ’ডৰেন্ট আদিবোৰৰ বিজ্ঞাপনক দৰ্শকৰ চকুত লগা কৰিবৰ বাবে সততেই যৌন আৱেদনধৰ্মীতাৰ সহায় লোৱা দেখা যায়। “হ’চ উৰ যায়েংগে”,”মন মতলীয়া কৰা সৌৰভ”-ইত্যাদি বিভিন্ন টেগলাইনেৰে পুৰুষজনে লগোৱা ডিঅ’ বা পাৰফিউমৰ সুগন্ধিত যৌন-আৱেদনত মতলীয়া হৈ পৰা নাৰীৰ চৰিত্ৰৰ ব্যৱহাৰ দীঘলীয়া সময়ৰ পৰাই চলি আহিছে।
এইবাৰ পিছে এই সকলোবোৰ বিজ্ঞাপনৰ সীমা চেৰাই গ’ল”লেয়াৰ শ্বট”পাৰফিউমৰ বিজ্ঞাপনে। এটি শ্বপিং মলত য’ত এগৰাকী যুৱতীয়ে বজাৰ কৰি থাকে আৰু চাৰিজন যুৱকে লুলুপ দৃষ্টিৰে যুৱতীগৰাকীৰ নিতম্বৰ পৰা উৰুদেশলৈকে চাই থাকে,এই কাৰ্যক একপ্ৰকাৰ দৃষ্টিৰ ধৰ্ষণেই বুলিব পাৰি।
https://youtu.be/ddcCmlyXuqY
যুৱককেইজনৰ মুখত সংলাপ-“য়ে এক,ঔৰ হাম চ্চাৰ,শ্বট কৌন লেগা “?-এইষাৰ বাক্যই কি বুজাই ?গেংৰেপ বা দলবদ্ধ ধৰ্ষণ কাৰ্যকে দ্যাৰ্থকৰূপত বুজোৱা নাই নে ?যুৱতীগৰাকী অপ্ৰস্তুত হৈ চুচুক-চামাক কৰোতেই এজনে এটা পাৰফিউমৰ বটল হাতত উঠাই লৈ স্প্ৰে’ কৰে। আন এটি একেধৰণৰ লেয়াৰ শ্বটৰে বিজ্ঞাপনত এটি কোঠালিৰ এখন বিছনাত দুই যুৱক-যুৱতীক অকলে বহি থকা দেখোৱাই।
তেনেতে বাকী তিনিজন যুৱক দৰজা খুলি ভিতৰলৈ সোমাই আহি যুৱকজনক প্ৰশ্ন কৰে-“শ্বট লাগায়া ক্যা ?” উত্তৰ আহে-“হা লগানী ত’ পৰেগী”,তেতিয়া বাকীকেইজনে কয় যে-“অৱ হামাৰী বাৰী হে”!সেইবুলি এজন ভিতৰলৈ সোমাই আহে,যুৱতীগৰাকী আকৌ অপ্ৰস্তুত। ল’ৰাজনে আকৌ লেয়াৰ শ্বট নিজৰ দেহত স্প্ৰে’ কৰে। মুঠতে কথাবোৰ সকলোৱে বুজিব পৰাকৈ দুই প্ৰকাৰৰ অৰ্থনীহিত।
দেখ দেখকৈ চাৰিওজন যুৱকে যে অকলশৰীয়া যুৱতীগৰাকীৰ লগত যৌনক্ৰিয়া কৰাৰ কথা বুজাবৰ চেষ্টা কৰিছে বাবেই যুৱতীগৰাকী অপ্ৰস্তুত হৈছে,সেয়া স্পষ্ট। কথা হ’ল-সুগন্ধিৰ বিজ্ঞাপনৰ নামত এইবোৰ কি বাতুলতা ?য’ত দেশত,বিশ্বত ঘন্টাই প্ৰতি কিমান নাৰী দলবদ্ধ ধৰ্ষণৰ বলি হৈ আছে,আইন-আদালত,আৰক্ষীৰ ওচৰত দেখাকৈ কিমান গোচৰ,দৃষ্টিৰ অগোচৰে হোৱা হিচাপ নোহোৱা ঘটনাবোৰ যেনিবা এৰিলোৱেই!!
নাৰীৰ সন্মান এনেকৈ ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যমত প্ৰচাৰৰ দুঃসাহসৰ লগতেই মগজুৰ বিকৃতি থকা এনে বিজ্ঞাপনৰ ৰচক-অনুমোদকবোৰ কিমান নিম্নস্তৰৰৰ মানসিকতাৰ অধিকাৰী সেয়া অকল্পনীয়। একেধৰণৰ কাৰণতেই কপিল শৰ্মা বোলা তথাকথিত কৌতুক অভিনেতাজনৰ শ্ব’ চোৱা কাহানিবাই বন্ধ কৰিছিলো।
কাৰণ,ধেমালী,ৰগৰ বা কৌতুকৰো এক মানদণ্ড থাকে। বলাৎকাৰক লৈ কৰা ৰগৰ( ?)ত যদিহে আপুনি হাস্যৰস পাই,তেন্তে আপোনাৰ মানসিকতাও বলাৎকাৰীৰৰ স্তৰৰেই।
ইতিমধ্যেই ভিন্ন স্তৰত হোৱা বহুল নেতিবাচক সমালোচনাৰ লগতে মিনিষ্ট্ৰি অৱ ইনফ’ৰমেচন আৰু ব্ৰডকাষ্টিং এ এই বিজ্ঞাপনটিত ইউটিউব আৰু টুইটাৰৰ পৰা উহ্য কৰিবলৈ নিৰ্দ্দেশ দিছে। বিজ্ঞাপনটিৰ প্ৰচাৰৰ ক্ষেত্ৰতো একেই নিষেধাজ্ঞা প্ৰদান কৰিছে।













